NORTHEAST NOW (Assamese)
Popular Stories

জাতীয় দলত উপেক্ষিত! তথাপি অনুশীলনৰ পৰা বিশ্ৰাম নাইঃ ভিডিঅ’ যোগে ৰাহানেৰ বাৰ্তা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 29, 2023 7:53 pm
Ajinkya Rahane India vs South Africa

কালি দক্ষিণ আফ্ৰিকাৰ বিপক্ষে চেঞ্চুৰিয়ান টেষ্টত হতাশাজনক পৰাজয় স্বীকাৰ কৰে ভাৰতীয় দলে। ভাৰতীয় দলৰ এই চূড়ান্ত পৰাজয়ক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শৃংখলাটোৰ বাবে দল নিৰ্বাচনক লৈও উঠিছে প্ৰশ্ন।

বিশেষকৈ দুই তেষ্ট বিশেষজ্ঞ আজিংক্যা ৰাহানে আৰু চেটেশ্বৰ পূজাৰাক দলত স্থান নিদিয়াক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে। দক্ষিণ আফ্ৰিকাৰ বাউন্সী উইকেটত এই দুই অভিজ্ঞ তাৰকাৰ স্থানত যুৱ খেলুৱৈক প্ৰাধান্য দিয়াক লৈ বিশেষজ্ঞসকলে শংকা প্ৰকাশ কৰিছিল।

এই শংকা যে অমূলক নাছিল ভাৰতৰ কালিৰ পৰাজয়ে সেয়া প্ৰমাণ কৰিলে। এই পৰাজয়ৰ পিছত দলৰ পৰা ৰাহানে-পূজাৰাক বাদ দিয়া বিষয়টোৱে পুনৰ চৰ্চা লাভ কৰিছে। তাৰ মাজতে আজিংক্যা ৰাহানেৰ এক ভিডিঅ’ই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

বিগত দুবাৰৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ধাৰাবাহিকভাৱে প্ৰৱেশ কৰিছে ভাৰতে। অৱশ্যে দুয়োবাৰেই ৰানাৰ্ছ আপতে সন্তুষ্ট থাকিবলগীয়া হৈছে ভাৰতীয় দল। আনহাতে চলিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (২০২৩-২০২৫)ত কালিৰ শোচনীয় পৰাজয়ৰ ফলত ভাৰত এতিয়া পঞ্চম স্থানলৈ অৱনমিত হৈছে।

সেয়ে দলত ৰাহানেৰ দৰে অভিজ্ঞ বেটাৰৰ অনুপস্থিতিত আশ্চৰ্য প্ৰকাশ কৰিছে সকলোৱে। ভাৰত এতিয়া দক্ষিণ আফ্ৰিকা শৃংখলাত ব্যস্ত থকাৰ বিপৰীতে ৰাহানে ব্যস্ত দেশৰ মাটিত বেটিং অনুশীলনত।

 

আই পি এলৰ অন্তিম সংস্কৰণত ৰাহানেই আগবঢ়াইছিল চমকপ্ৰদ প্ৰদৰ্শন। ইয়াৰ পিছতে প্ৰায় ডেৰ বছৰৰ ব্যৱধানৰ অন্তত তেওঁক পুনৰ টেষ্ট দললৈ অনা হয়। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলতো ৰাহানেই দাঙি ধৰিছিল উন্নত প্ৰদৰ্শন। অৱশ্যে ৱেষ্ট ইণ্ডিজ ভ্ৰমণত ব্যৰ্থ হৈছিল তাৰকাগৰাকী।

সেই সময়ত বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথোড়ে কৈছিল যে দক্ষিণ আফ্ৰিকাত ৰাহানেৰ অধিক প্ৰয়োজন। তেওঁৰ অভিজ্ঞতা, কৌশলে দলৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কিন্তু দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে দলত ৰখা নহ’ল ৰাহানেক।

দক্ষিণ আফ্ৰিকা ভ্ৰমণলৈ নিৰ্বাচিত নোহোৱাৰ বাবে ৰাহানেই এতিয়া ৰঞ্জি ট্ৰফীৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। এই অনুশীলনৰ পৰাই এক ভিডিঅ’ পোষ্ট কৰিছে তাৰকা বেটাৰগৰাকীয়ে। পোষ্টটোৰ লগত লিখিছে, ‘বিশ্ৰামৰ সময় নাই।’

উপেক্ষিত ৰাহানেই কেতিয়া ভাৰতীয় দলৰ নিৰ্বাচকৰ মন জয় কৰি দললৈ ঘূৰি আহে, সেয়া হ’ব লক্ষণীয়।