চোৰৰ দৌৰাত্ম্যঃ চিচিটিভি কেমেৰাত ক’লা ৰং স্প্ৰে’ কৰি গেছ কাটাৰেৰে এটিএম কাটি লুটিলে ২৯ লাখ টকা

আজৱ কায়দাৰে এটিএম লুটপাত চলাই সংবাদ শিৰোনাম দখল কৰিছে দুই চোৰে। চিচিটিভি কেমেৰাত ক’লা ৰং স্প্ৰে’ কৰি গেছ কাটাৰেৰে এটিএম কাটি এই দুই চোৰে লুটিলে ২৯ লাখ টকা।
এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ জয়পুৰত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে চোৰে কোতৱালীৰ ভাৰতীয় ষ্টেট বেংকৰ এটা এটিএমত চলায় এই চুৰিকাণ্ড।
কোতৱালীৰ স্থানীয় এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, শনিবাৰে নিশা বাজাজ পথত স্থাপন কৰা এটিএমটো দুই অচিনাক্ত চোৰে কাটি পেলায়।
চোৰে এটিএমৰ তাঁৰৰ সংযোগ কাটি এটিএমৰ ভিতৰত আৰু বাহিৰত স্থাপন কৰা চিচিটিভি কেমেৰাত ক’লা ৰং স্প্ৰে’ কৰি এই চুৰিকাণ্ড সংঘটিত কৰে বুলি জানিবলৈ দিয়ে।
ইয়াৰ পিচতে দুই অচিনাক্ত চোৰে এটিএমটো গেছ কাটাৰেৰে কাটি ২৯ লাখ টকা লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
ইফালে দেওবাৰে বেংকে এই চুৰি সন্দৰ্ভত এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
ঘটনাস্থলীৰ আশে-পাশে থকা চিচিটিভি ফুটেজৰ পৰা চোৰক চিনাক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।