NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

জাপানত প্ৰকৃতিৰ সংহাৰঃ ১৫৫টা ভূমিকম্প, ছুনামিৰ বিধ্বংসী ৰূপ; প্ৰায় ৫০ জনৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 2, 2024 7:10 pm
Japan

নৱবৰ্ষৰ প্ৰথম দিনটোতে প্ৰকৃতিৰ সংহাৰী ৰূপৰ সন্মুখীন হৈছে জাপান। কালি দেশখনত ধাৰাবাহিকভাৱে হোৱা প্ৰবল ভূমিকম্প আৰু ছুনামিৰ ফলত প্ৰায় ৫০ জন লোকৰ মৃত্যু হৈছে।

সোমবাৰৰ পৰা দ্বীপ ৰাষ্ট্ৰখনত ধাৰাবাহিকভাৱে ১৫৫টা ভূমিকম্পৰ সৃষ্টি হৈছে। এইপৰ্যন্ত দুৰ্যোগৰ ফলত ৫০ জন লোকৰ মৃত্যু নিশ্চিত কৰা হৈছে যদিও মৃত্যুৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা আছে।

ভূমিকম্প আৰু ছুনামিৰ প্ৰকোপত আজি দুৰ্যোগবিধ্বস্ত অঞ্চলসমূহত প্ৰায় ৩৩ হাজাৰ পৰিয়াল বিদ্যুৎ বিহীন হৈ আছে বুলি স্থানীয় কৰ্তৃপক্ষই নিশ্চইত কৰিছে।

লগতে ঘাইপথকে ধৰি গুৰুত্বপূৰ্ণ পথসমূহ ক্ষতিগ্ৰস্ত হোৱাৰ ফলত চিকিৎসক আৰু সেনা জোৱানসকলে উদ্ধাৰ সেৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে বুলিও প্ৰকাশ পাইছে।

সোমবাৰে বিয়লিৰ মাজভাগত সংঘটিত হোৱা প্ৰাৰম্ভিক ভূমিকম্পটোৰ ফলত দেশৰ পশ্চিম উপকূললৈ ছুনামিৰ ঢৌ অহাৰ ফলত একাংশ উপকূলীয় অঞ্চলৰ লোকে ওখ ঠাইত আশ্ৰয় গ্ৰহণ কৰিছে।

দুৰ্যোগৰ পিছতে প্ৰতিৰক্ষা মন্ত্ৰালয়ে লাখ লাখ লোকক প্ৰভাৱিত অঞ্চলসমূহ খালী কৰিবলৈ নিৰ্দেশ দিয়ে আৰু ইয়াৰ পিছতে প্ৰায় ১০০০ লোকে সামৰিক ঘাটিত আশ্ৰয় ল’বলগীয়া হৈছিল।

জাপানৰ শক্তিশালী ভূমিকম্পৰ পিছতে ৰাছিয়া, দক্ষিণ কোৰিয়া আৰু উত্তৰ কোৰিয়াই ছুনামিৰ সতৰ্কবাণী জাৰি কৰে।

ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে জাপানক যিকোনো প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ আমেৰিকা সাজু বুলি মন্তব্য কৰিছে।