NORTHEAST NOW (Assamese)
দেশ

যোগী ৰাজ্যত নৃশংস কাণ্ডঃ দলিত যুৱতীক ধৰ্ষণ কৰি ডিঙি চেপি প্ৰাণ ল’লে আৰক্ষীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 2, 2024 9:00 pm
Dalit Woman Raped

যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক চাঞ্চল্যকৰ কাণ্ড। খোদ আৰক্ষীৰ হাততে ধৰ্ষিতা হৈ প্ৰাণ হেৰুৱাইছে এগৰাকী দলিত যুৱতীয়ে।

প্ৰকাশিত খবৰ অনুসৰি, যোৱা ২৯ ডিচেম্বৰত অভিযুক্ত আৰক্ষী জোৱানজনৰ ভাড়াঘৰৰ চিলিঙত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত উল্লেখ কৰা মতে, যুৱতীগৰাকীয়ে ঘটনাৰ এদিন পূৰ্বে আগ্ৰাত নিয়োজিত কনিষ্টবলজনৰ ভাড়াঘৰলৈ গৈছিল।

তেতিয়াই আৰক্ষী কনিষ্টবলগৰাকীয়ে ২৫ বৰ্ষীয় দলিত যুৱতীগৰাকীক প্ৰথমে ধৰ্ষণ কৰি পিছত ডিঙি চেপি হত্যা কৰে বুলি আৰক্ষীয়ে প্ৰকাশ কৰে।

ইতিমধ্যে অভিযুক্ত আৰক্ষী জোৱানজনক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত জোৱানজনক ৰাঘবেন্দ্ৰ সিং বুলি চিনাক্ত কৰা হৈছে।

এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই সদৰী কৰা মতে ৰাঘবেন্দ্ৰ সিং ঝান্সীৰ বাসিন্দা আৰু বেলাংগাঞ্জত ভাড়াঘৰত বাস কৰিছিল।

যুৱতীগৰাকীৰ সৈতে তেওঁৰ আগৰ পৰাই চিনাকি আছিল। দেওবাৰে যুৱতীগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত সিঙক গ্ৰেপ্তাৰ কৰা হয়।

পৰিয়ালৰ ভাষ্য মতে, তেওঁলোকে ৰাঘবেন্দ্ৰ সিঙৰ পৰিয়ালৰ ওচৰত দুয়োৰে বিয়াৰ প্ৰস্তাৱ দিছিল যদিও সিঙৰ পৰিয়ালে এই প্ৰস্তাৱ নাকচ কৰিছিল।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে আৰু তদন্ত আৰম্ভ কৰা বুলি প্ৰকাশ কৰিছে।