NORTHEAST NOW (Assamese)
অসম

পীযুষ হাজৰিকাই পিন্ধিছে ৩.৭৫ লাখ টকাৰ জেকেট! কংগ্ৰেছে তুলিলে বিস্ফোৰক অভিযোগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 13, 2024 11:22 pm
Pijush Hazarika

ৰাজ্যৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই পৰিধান কৰিছে ৩ লাখতকৈ অধিক মূল্যৰ জেকেট! এই বিস্ফোৰক অভিযোগ তুলিছে অসম কংগ্ৰেছে।

এক টুইট যোগে অসম কংগ্ৰেছে পীযুষ হাজৰিকাৰ এখন ফটো শ্বেয়াৰ কৰিছে। ফটোখনত পীযুষ হাজৰিকাই পৰিধান কৰি থকা জেকেটৰ মূল্য ৩.৭৫ লাখ টকা বুলি কংগ্ৰেছে দাবী কৰে।

কংগ্ৰেছৰ দাবী, মন্ত্ৰীগৰাকীয়ে পৰিধান কৰা এই জেকেটটো ইটালীৰ বিলাসী ফেশ্বন ব্ৰেণ্ড গুচিৰ সামগ্ৰী। এই জেকেটটোৰ প্ৰসংগৰে কংগ্ৰেছে চৰকাৰকো আক্ৰমণ কৰে।

অসম কংগ্ৰেছৰ মতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিজন অসমীয়াক ঋণত ডুবাই দিয়াৰ সময়তে তেওঁৰ ঘনিষ্ঠ সহযোগী পীযুষ হাজৰিকাই পিন্ধিছে ৩.৭৫ লাখ টকা মূল্যৰ জেকেট।

পীযুষ হাজৰিকাক লগতে ‘ছিণ্ডিকেট ৰাজৰ মাষ্টাৰ’ বুলিও কটাক্ষ কৰে কংগ্ৰেছে।