NORTHEAST NOW (Assamese)
Popular Stories

বিবাহৰ আগতেই গৈছিল গৰ্ভৱতী!  বিখ্যাত ক্ৰিকেটাৰৰ প্ৰেমত পৰি ডুব গৈছিল এইগৰাকী অভিনেত্ৰীৰ কেৰিয়াৰ 

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 4, 2024 7:44 pm

কেৱল ফেশ্যনৰ বাবেই নহয়, যদি আমি ব্যক্তিত্বৰ ক্ষেত্ৰত এগৰাকী সাহসী অভিনেত্ৰীৰ বিষয়ে কথা পাতিব লগা হয়, তেন্তে আমি নীনা গুপ্তাৰ বিষয়ে কথা পাতিবই লাগিব। 

বিবাহ অবিহনে গৰ্ভধাৰণ, বিবাহিত পুৰুষৰ সৈতে সম্পৰ্ক, এই সকলোবোৰ বস্তুৱে নীনাক বাৰে বাৰে অপৰাধৰ কাঠগড়াত পেলাইছিল। কিন্তু সাহসী এগৰাকী নাৰীৰ পৰিচয় দাঙি ধৰি তেওঁ জীৱনৰ সকলো কঠিন পৰিস্থিতিৰ সৈতে যুঁজিছিল।

অভিনেত্ৰীগৰাকীয়ে পশ্চিম ভাৰতীয় ক্ৰিকেটাৰ ভিভিয়ান ৰিচাৰ্ডৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল, যিটো তেওঁ কেতিয়াও লুকুৱাই নাছিল। ১৯৮৯ চনত, ৩০ বছৰ বয়সত, তেওঁ এটি কন্যা সন্তান জন্ম দিয়ে আৰু নিজকে অকলশৰীয়া মাতৃ হিচাপে পৰিচয় দিয়ে। যিহেতু ক্ৰিকেটাৰজনৰ বিবাহিত আছিল, সেয়ে অকলেই থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল নীনা গুপ্তাই।

যেতিয়া অভিনেত্ৰীগৰাকী গৰ্ভৱতী হৈছিল, তেওঁৰ কেৰিয়াৰ শীৰ্ষত আছিল, কিন্তু তেওঁ তেওঁৰ কেৰিয়াৰৰ বিষয়ে চিন্তা নকৰি তেওঁ গৰ্ভপাত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

অৱশ্যে, এই সিদ্ধান্ত লোৱাৰ আগতে, নীনাই প্ৰেমিক ভিভিয়ান ৰিচাৰ্ডক সুধিছিল যে তাই কি কৰাতো তেওঁ বিচাৰে। তাৰ পিছত ক্ৰিকেটাৰজনে কৈছিল, “মই বিচাৰো তুমি এই শিশুটো জন্ম দিয়া। ”  

কিন্তু নীনাৰ পৰিয়াল এই সিদ্ধান্তৰ বিৰোধী আছিল, যদিও অভিনেত্ৰীগৰাকীৰ দেউতাক পিছত সন্মত হৈছিল।

হিউমেনছ অৱ বম্বেৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কয়, “যেতিয়া মই গৰ্ভধাৰণৰ বিষয়ে জানিব পাৰিছিলো, মই ভিভিয়ানক ফোন কৰিছিলো আৰু সুধিছিলো যে তেওঁ এই সন্তানটো বিচাৰে নেকি। ভিভিয়ানে উত্তৰ দিছিল যে তেওঁ সন্তানটি জন্ম দিয়াতো বিচাৰে। সকলোৱে ভাবিছিল যে মই অকলে একো কৰিব নোৱাৰো, কিন্তু মই সেইটো কৰিলোঁ। দৰাচলতে, যেতিয়া মানুহ প্ৰেমৰ দ্বাৰা অন্ধ হয়, তেতিয়া কোনেও কাৰো কথা নুশুনে। “

অৱশ্যে, নীনা গুপ্তাৰ সমগ্ৰ গৰ্ভধাৰণৰ সময়ছোৱাত তেওঁৰ কাষত আন এজন ব্যক্তি আছিল আৰু সেইজন আছিল স্বৰ্গীয় অভিনেতা সতীশ কৌশিক। সতীশ কৌশিক অভিনেত্ৰীগৰাকীৰ এগৰাকী ভাল বন্ধু আছিল। 

অভিনেত্ৰীগৰাকীৰ এই কঠিন সময়ত সতীশে তেওঁক কৈছিল, “আপুনি এটা কাম কৰক, মোক বিয়া কৰাওক। এই সন্তান কাৰ কোনেও গ’ম নাপাব” 

আচলতে বন্ধু এজন সমস্যাত পৰিলে কেৱল এজন প্ৰকৃত বন্ধুৱেহে এনে কথা ক’ব পাৰে।

নীনা গুপ্তা প্ৰথমগৰাকী এনে অভিনেত্ৰী আছিল যিয়ে ছ’চিয়েল মিডিয়ালৈ গৈ লিখিছিল, “মই মুম্বাইত বাস কৰোঁ আৰু মই এগৰাকী ভাল অভিনেতা। মই এটা ভাল কাম বিচাৰি আছো। ” 

৬৪ বছৰ বয়সত, যেতিয়া প্ৰায় প্ৰতিগৰাকী তাৰকা অভিনেত্ৰীৰ কেৰিয়াৰ সমাপ্ত হৈছিল, সেই বয়সত নীনাই নিজকে এক নতুন ধৰণে বিচাৰি পাইছিল। 

উল্লেখ্য, অভিনেত্ৰীগৰাকীৰ একমাত্ৰ জীয়ৰী মাচাবা গুপ্তা এগৰাকী বিখ্যাত ফেশ্বন ডিজাইনাৰ।