NORTHEAST NOW (Assamese)
অসম

চিনেমাৰ দৰে কাহিনী! পল্টনবজাৰ আৰক্ষীৰ জালত ৫ দুৰ্ধৰ্ষ ডকাইত 

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 5, 2024 5:11 pm

পল্টন বজাৰ আৰক্ষীৰ জালত পৰিছে পাঁচটাকৈ দুধৰ্ষ ডকাইত। অভিযুক্ত ডকাইতকেইটা হৈছে ক্ৰমে নবিৰুল ইছলাম, অনামিকা ওৰফে আকলিমা খাটুন, বানিছ আলি ওৰফে ৰাহুল আলী,নুৰ মহম্মদ আৰু ছালেহা খাটুন। 

শিলিগুৰিৰ  মুকেশ চৌধুৰীৰ নামৰ এজন ব্যক্তিৰ পৰা এই দুৰ্ধৰ্ষ ডকাইত কেইটাই  চলেৰে লুটিলে I phone,পাৰ্চ, ATM আৰু বেগ।  

ঘটনা অনুসৰি  মুকেশক ভতিজাকৰ কইনা দেখুৱাম বুলি লৈ আনিছিল অনামিকাই । যিহেতু অনামিকাই ৩ বছৰ পূৰ্বতে শিলিগুৰিৰ এখন পাৰ্লাৰত কাম কৰিছিল । সেই সুত্ৰেই অনামিকা ওৰফে আকলিমা খাটুনে চিনাকী হৈছিল মুকেশৰ সৈতে।

৯ জানুৱাৰীত মুকেশ চৌধুৰী উপস্থিত হৈছিল গুৱাহাটীৰ ISBT ত । ISBT ৰ পৰা মুকেশক উলুবাৰীলৈ মাতিছিল অনামিকাই। উলুবাৰীত নুৰ মহম্মদ নামৰ আন এজনে লগ কৰি এখন হোটেলত ভাত খুৱাই এখন অটোত লৈ গৈছিল অনামিকাই।

এই গোটেই পৰিকল্পনাত সহযোগ কৰিছিল  বানেছ আলী ওৰফে ৰাহুল আলী, নবিৰুল ইছলাম আৰু ছালেহা খাটুনে ।

গোটেই দিনটো অটোত ঘুৰাই  নিচাযুক্ত দ্ৰব্য খুৱাই অৱেশষত নিশা ৰাষ্ট্ৰীয় ঘাই পথত পেলাই থৈ উধাও হৈছিল ৩ অভিযুক্ত।

১০ জানুৱাৰীত মুকেশ ঘূৰি গৈছিল  শিলিগুৰীলৈ  । ১১ ৰ পৰা ১৪ জানুৱাৰীৰ ভিতৰত মুকেশৰ একাউন্টৰ পৰা ওলাই গৈছিল প্ৰায় ৩.৫০ লাখ টকা 

২২ জানুৱাৰীত পল্টন বজাৰ থানাত এজাহাৰ দিছিল মুকেশে । ৩১ জানুৱাৰীত দৰঙৰ পৰা মুল অভিযুক্ত  আকলিমা খাটুন ওৰফে অনামিকা আৰু নুৰ মহম্মদক গ্ৰেপ্তাৰ কৰে পল্টন বজাৰ আৰক্ষীয়ে।  আন তিনি অভিযুক্তকো গোৱালপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰি  ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।