NORTHEAST NOW (Assamese)
Popular Stories

আই চি চি ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত পুনৰ ভাৰত বনাম অষ্ট্ৰেলিয়া; এইবাৰ অন্য ৰূপত টীম ইণ্ডিয়া!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 9, 2024 9:02 am

এইবাৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ ফাইনেলত ভাৰত বনাম অষ্ট্ৰেলিয়া। বৃহস্পতিবাৰে ছেমি ফাইনেলত পাকিস্তানক পৰাস্ত কৰে অষ্ট্ৰেলিয়াই। দেওবাৰে অৰ্থাৎ ১১ ফেব্ৰুৱাৰীত বিশ্বকাপৰ ট্ৰফীৰ বাবে মুখামুখি হ’ব টীম ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া। ছিনিয়ৰ ৱান ডে বিশ্বকাপৰ পিছত যুৱ বিশ্বকাপত দুয়োটা দল পুনৰ মুখামুখি হৈছে।

কালি অষ্ট্ৰেলিয়াৰ ছেমি ফাইনেল খেলখন শেষ অভাৰলৈ যায়। ১ উইকেটত পৰাস্ত হয় পাকিস্তান। মেচখনৰ এটা সময়ত অষ্ট্ৰেলিয়া পিছ পৰি আছিল যদিও শেষ অভাৰলৈকে খেল অব্যাহত ৰাখিছিল। পাকিস্তানে অষ্ট্ৰেলিয়াক ১৮০ ৰানৰ লক্ষ্য দিছিল। ইয়াৰ প্ৰত্যুত্তৰত অন্তিম অভাৰত ৯টা উইকেট হেৰুৱাই অষ্ট্ৰেলিয়াই জয়লাভ কৰে।

প্ৰথমে বেটিং কৰি পাকিস্তানে মাত্ৰ ১৭৯ ৰানহে কৰে। মাত্ৰ ৩ জন বেটছমেনেহে দহৰ ঘৰ অতিক্ৰম কৰিবলৈ সক্ষম হয়। ছেমি ফাইনেলত আজান আৱাইছে ৫২ আৰু আৰাফাত মিনহাছে ৫২ ৰান সংগ্ৰহ কৰে। বাকী সকলো বেটছমেন সম্পূৰ্ণ ব্যৰ্থ বুলি প্ৰমাণিত হয়।

লগতে পঢ়কঃ পত্নীব্ৰতা স্বামী! মৰ্মান্তিক গাড়ী দুৰ্ঘটনাত মৃত্যু পত্নীৰ; নিজৰ বিৰুদ্ধে FIR দাখিল কৰিলে শিক্ষকে

তেওঁলোকৰ বাহিৰে অষ্ট্ৰেলিয়াৰ হৈ টম ষ্টাৰ্কে ৬টা উইকেট দখল কৰি পাকিস্তানী বেটছমেনৰ স্থিতি ভাঙি পেলায়। মাত্ৰ ৯.৫ অভাৰত ২৪ ৰান দি ৬ টা উইকেট দখল কৰে টম ষ্টাৰ্কে।

অন্তিম অভাৰত ৯টা উইকেট হেৰুৱাই অষ্ট্ৰেলিয়াই এই লক্ষ্যত উপনীত হয়। শ্বাসৰুদ্ধকাৰী মেচখনত অষ্ট্ৰেলিয়াৰ হৈ হেৰী ডিক্সন আৰু অলিভাৰ পিকে সুন্দৰ বেটিং কৰে। অষ্ট্ৰেলিয়াৰ দলটোৱে এটা পৰ্যায়ত ৫৯ ৰানত ৪ উইকেট হেৰুৱাইছিল যদিও তাৰ পিছত অষ্ট্ৰেলিয়াই প্ৰত্যাৱৰ্তনেৰে ফাইনেলত প্ৰৱেশ কৰে। মেচ বিজয়ী ইনিংছ হিচাপে প্ৰমাণিত হোৱা অষ্ট্ৰেলিয়াৰ হৈ ৰাফ মেকমিলানে ১৯ ৰান সংগ্ৰহ কৰে।

ইয়াৰ পূৰ্বে টীম ইণ্ডিয়াই ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাক ২ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেটিং কৰি ২৪৪ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ৪৯ নং অভাৰত টীম ইণ্ডিয়াই এই লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ অধিনায়ক উদয় ছাহাৰনে ৮১ ৰান আৰু শচীন ধাছে ৯৬ ৰান সংগ্ৰহ কৰে।

১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ আটাইতকৈ সফল দলটো হ’ল ভাৰতীয় দল। টীম ইণ্ডিয়াই ৫ বাৰ এই খিতাপ দখল কৰিছে। ২০০০ চনত প্ৰথমবাৰৰ বাবে ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ খিতাপ জয় কৰিছিল। ইয়াৰ পিছতে টীম ইণ্ডিয়াই ক্ৰমে ২০০৮, ২০১২, ২০১৮ আৰু ২০২২ চনত এই ট্ৰফী লাভ কৰে।