NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

প্ৰাণ নাশৰ আতংক! বিমানৰ জৰুৰীকালীন দ্বাৰ খোলাৰ চেষ্টা যাত্ৰীৰঃ গোচৰ ৰুজু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 9, 2024 8:05 pm
Canadian Man Tries To Open Thai Plane Door

উৰণৰ বাবে প্ৰ্ৰায় সাজু এখন যাত্ৰীবাহী বিমান। তেনেকুৱাতে বিমানখনত সৃষ্টি হ’ল এক অনাকাংক্ষিত পৰিস্থিতিৰ। হঠাতে বিমানখনৰ জৰুৰীকালীন দুৱাৰ খুলিবলৈ চেষ্টা এগৰাকী যাত্ৰীৰ।

যাত্ৰীগৰাকীৰ এই অস্বাভাৱিক কাৰ্যই মুহূৰ্তৰ ভিতৰতে আতংকিত কৰি তোলে বিমানৰ যাত্ৰী-কৰ্মচাৰীক। এনে অভাৱনীয় কাৰ্যৰ বাবে গোচৰৰ সন্মুখীন হৈছে যাত্ৰীগৰাকী।

এই ঘটনা থাইলেণ্ডৰ। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, যাত্ৰীগৰাকীয়ে কোনোৱে তেওঁক হত্যা কৰিবলৈ চেষ্টা কৰা বুলি আতংকগ্ৰস্ত হৈ দুৱাৰ খুলিবলৈ চেষ্টা কৰা বুলি দাবী কৰিছে।

অভিযুক্ত যাত্ৰীগৰাকী এজন কানাডিয়ানৰ বুলি আৰক্ষীয়ে সদৰী কৰিছে। চিয়াং মাই চহৰৰ পৰা বেংকক অভিমুখী থাই এয়াৰৱেজৰ এখন বিমানত এই ঘটনা সংঘটিত হৈছিল।

এই ঘটনাৰ ফলত বিমানখনৰ চলাচলত পলম হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। বিমানৰ আন যাত্ৰীৰ ক্ষতি কৰা আৰু বিমানখনৰ কৰ্মচাৰীৰ নিৰ্দেশনা পালন নকৰাৰ অভিযোগ উঠিছে যাত্ৰীজনৰ বিৰুদ্ধে।

বিমানত উঠাৰ পূৰ্বে তেওঁ কোনো ধৰণৰ নিচাজাতীয় দ্ৰব্য ব্যৱহাৰ কৰিছিল নেকি অথবা তেওঁ কোনো ধৰণৰ মানসিক ৰোগত আক্ৰান্ত নেকি সেই বিষয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।