NORTHEAST NOW (Assamese)
Popular Stories

হৃদয় বিদাৰক! দুদিন ধৰি গৰাকীৰ মৃতদেহৰ কাষত বহি ৰ’ল এটা কুকুৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 9, 2024 9:00 pm
Pet dog guards bodies of 2 trekkers

যোৱা সোমবাৰে হিমাচল প্ৰদেশত ট্ৰেকিঙৰ সময়ত প্ৰাণ হেৰুৱাইছিল দুজন ট্ৰেকাৰৰ। তেওঁলোকৰ মৃত্যুৰ কেইবাঘণ্টাৰ পিছত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হয়।

এই ঘটনাৰ পিছতে পোহৰলৈ আহিছে এক বিশেষ দৃশ্য। বিশেষ এইবাবেই যে, ট্ৰেকাৰ দুজনৰ মৃতদেহ উদ্ধাৰ কৰা সম্ভৱপৰ হয় তেওঁলোকৰ নিষ্ঠাবান পোহনীয়া কুকুৰটিৰ বাবেই।

ট্ৰেকাৰ দুগৰাকীৰ সৈতে যোৱা তেওঁলোকৰ পোহনীয়া জাৰ্মান শ্বেফাৰ্ড কুকুৰটিৰ বাবেই উদ্ধাৰকাৰী দলে দুয়োৰে মৃতদেহ উদ্ধাৰ কৰিব পাৰে।

এই কুকুৰটোৱে কেৱল গৰাকীৰ মৃতদেহ পহৰা দিয়াই নহয়, উদ্ধাৰকাৰী দলে মৃতদেহ দুটা বিচাৰি নোপোৱালৈকে ভুকি থাকে। কুকুৰটোৰ ভুকনি শুনিয়েই উদ্ধাৰকাৰী দলটোৱে মৃতদেহৰ সন্ধান লাভ কৰে।

মৃত ট্ৰেকাৰ কেইজন হৈছে অভিনন্দন গুপ্তা (৩০) আৰু প্ৰনিতা ৱালা (২৬)। পেৰাগ্লাইডিঙৰ বাবে বিখ্যাত উপত্যকাটোত সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল তেওঁলোক।

প্ৰকাশিত খবৰ অনুসৰি দুয়ো দেওবাৰে বিয়লি নিজৰ ব্যক্তিগত গাড়ীৰে বিলিঙলৈ ৰাওনা হৈছিল। কিন্তু সোমবাৰেও তেওঁলোক ঘূৰি নহাত গুপ্তাৰ পৰিয়ালে আৰক্ষীক খবৰ দিয়ে।

মঙলবাৰে পুৱা উদ্ধাৰকাৰী দলে আৰক্ষী বিষয়াৰ সৈতে তালাচী অভিযান আৰম্ভ কৰে। উদ্ধাৰকাৰী দলটোৱে জাৰ্মান শ্বেফাৰ্ডটোৰ অহৰহ ভুকনি শুনি সেই স্থানৰ ফালে আগবাঢ়ি যায়।

জাৰ্মান শ্বেফাৰ্ডটোৰ ভুকনি অনুসৰণ কৰি আগবাঢ়ি যোৱাৰ পিছত উদ্ধাৰকাৰী দলটোৱে অভিনন্দন গুপ্তা আৰু প্ৰনিতা ৱালাৰ মৃতদেহ উদ্ধাৰ কৰে।