NORTHEAST NOW (Assamese)
জীৱনশৈলী

স্বাস্থ্য সচেতক লোকসকলে খেজুৰক কিয় দিয়ে অত্যধিক গুৰুত্ব! জানিলে আপুনিও হ’ব উপকৃত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 15, 2024 5:24 pm
Health Benefits of Dates

বজাৰত সততে কিনবলৈ পোৱা এবিধ শুকান খাদ্য হল খেজুৰ। খেজুৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াত বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদান পোৱা যায়।

খেজুৰত যথেষ্ট পৰিমাণে আইৰন আৰু ফাইবাৰ থাকে । বিশেষজ্ঞসকলৰ মতে, তিয়াই ৰখা খেজুৰ পুৱা খালী পেটত খাব লাগে। ইয়াৰ ফলত শৰীৰৰ বহু ৰোগ দূৰ হয়।

Dates Fruit - Benefits, Nutritional Facts (Calories) & Recipes | Healthifyme

খেজুৰৰ এক প্ৰাকৃতিক মিঠা সোৱাদ আছে আৰু সেইবাবে ইয়াক চেনিৰ স্বাস্থ্যকৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি।

পুষ্টি গুণেৰে ভৰপূৰ এই ফলত আছে নানা ধৰণৰ এণ্টিঅক্সিডেণ্ট। খেজুৰ খোৱাৰ উপকাৰিতা হ’ল এই ফলে হজম প্ৰক্ৰিয়া উন্নত কৰে, হাৰ্টৰ স্বাস্থ্য বজাই ৰাখে, তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে, মস্তিষ্কৰ কাৰ্যকৰিতা বৃদ্ধি কৰে।

লগতে খেজুৰত ভিটামিন-এ উপলব্ধ। ভিটামিন এ সমৃদ্ধ প্ৰাকৃতিক ফল সেৱনে হাঁওফাঁও আৰু মুখ গহ্বৰৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়ে বুলি জনা যায়।