NORTHEAST NOW (Assamese)
অসম

জুবিন গাৰ্গৰ অনুষ্ঠান বৰ্জনৰ আহ্বান লামডিঙৰ দুষ্টচক্ৰৰ : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাই কাৰণ

Posted by: অনিৰ্বাণ পাঠক May 14, 2018 10:30 pm
Anti-CAA protest: Will take Assam's wild animals on side, says Zubeen Garg

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত ৰাজ্যজুৰি উত্তাল প্ৰতিবা্দ অব্যাহত থকাৰ সময়তে ছ’চিয়েল মিডিয়াৰ জৰিয়তে জুবিন গাৰ্গৰ লামডিঙত অনুষ্ঠিতব্য বিহুৰ সংগীতানুষ্ঠান বৰ্জনৰ আহ্বান জনাই এক প্ৰকাৰৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ চেষ্টা কৰিছে এটা দুষ্ট চক্ৰই। এই দুষ্ট চক্ৰটোৱে Lumding United নামৰ এটা ফেইচবুক পেইজৰ পৰা জুবিনক সকীয়নি দিয়াও দেখা গৈছে। কেৱল সেয়াই নহয়, অসমীয়া জাতিৰ প্ৰতি বিৰূপ মন্তব্যও কৰা হয় পোষ্টটোত। আনহাতে, চিংকিসকলতকৈ (অৰুণাচলীসকলক উত্তৰ ভাৰতৰ লোকসকলে ইতিকিং কৰা শব্দ) বাঙালীসকল অধিক ভাৰতীয় বুলিও কোৱা হয় পোষ্টটোত।

উল্লেখযোগ্য যে যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব আৰু স্পষ্টভাষী জুবিন গাৰ্গ শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত সৰৱ হৈ আহিছে। তেওঁ এই বিধেয়কখনৰ ঘোৰ বিৰোধিতা কৰি ছ’চিয়েল মিডিয়াত পোষ্ট দিয়াৰ লগতে মঞ্চতো ইয়াৰ বিৰোধিতাৰে মন্তব্য কৰি আহিছে। আপত্তিকৰ ফেইচবুক পোষ্টটোত জুবিনক এইবোৰত (নাগৰিকত্ব সংশোধনী বিধেয়ক) মন্তব্য নকৰি গান গাই যাবলৈ আহ্বান জনায়।

Lumding United নামৰ পেইজটোৰ পোষ্টটো।

আনহাতে, অহা ১৯ আৰু ২০ মে’ত অনুষ্ঠিত হ’ব লগীয়া লামডিং সৰ্বজনীন ৰঙালী বিহু সন্মিলনলৈ গাৰ্গক সংগীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ কৰা হৈছে। কিন্তু তাৰ আগমুহূৰ্তত শিল্পীগৰাকীৰ বিৰুদ্ধে এনেকুৱা ফতোৱা জাৰি কৰাটোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

অৱশ্যে লামডিঙৰ বিহু সন্মিলন সমিতিয়ে জুবিনৰ অনুষ্ঠান কোনো কাৰণতে বাতিল নহয় বুলি স্পষ্ট কৰি দিছে। উদযাপন সমিতিৰ সম্পাদক জয়ন্ত দাসে কৈছে যে শান্তি-সম্প্ৰীতি বিঘ্নিত কৰিব বিচৰা কোনো দুষ্টচক্ৰক সহ্য কৰা নহ’ব। বিহুত জুবিন আহিবই। নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত জুবিনৰ সেয়া নিজৰ স্থিতি। ইয়াত আনে হস্তক্ষেপ কৰিব লগীয়া একো নাই।