হয় INDIA এৰক, নহ’লেই গ্ৰেপ্তাৰ! ভাবুকি পাইছে কেজৰিৱালেঃ গুৰুতৰ অভিযোগ আপৰ

বহুল বাদ-বিবাদৰ অন্তত আজি INDIA জোঁটে লাভ কৰিছে কিছু সকাহ। বিৰোধী ঐক্যৰ দুই গুৰুত্বপূৰ্ণ দল কংগ্ৰেছ আৰু আম আদমী পাৰ্টিয়ে আজি দিল্লীত আসন ভাগ-বতৰাত প্ৰায় বুজাবুজিৰ দিশত আগবাঢ়িছে। তেনে সময়তে আপে আজি এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
আম আদমী পাৰ্টিয়ে আজি অভিযোগ কৰা মতে দলৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বিৰোধী মিত্ৰজোঁট INDIA ত্যাগ কৰিবলৈ ভাবুকি দিছে। নহ’লে তেওঁক গ্ৰেপ্তাৰৰ ভাবুকি দিয়া হৈছে বুলি আপে অভিযোগ তুলিছে।
এক সংবাদমেল সম্বোধন কৰি আপৰ নেতা তথা দিল্লীৰ মন্ত্ৰী আতিশীয়ে দাবী কৰা মতে যদি আপ INDIA মিত্ৰজোঁটৰ পৰা আঁতৰি নাযায়, তেন্তে অহা দুদিনৰ ভিতৰত অৰবিন্দ কেজৰিৱালে চিবিআইৰ জাননী লাভ কৰিব। লগতে তেওঁক চিবিআই আৰু ইডিয়ে গ্ৰেপ্তাৰ কৰিব।
যদি আপ-কংগ্ৰেছে আসন ভাগ-বতৰা কৰে, তেন্তে, অহা তিনি-চাৰি দিনৰ ভিতৰত অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হ’ব বুলি ভাবুকি দিয়া হৈছে। সংবাদমেলত এই বিস্ফোৰক অভিযোগ তোলে আপৰ নেত্ৰী আতিশীয়ে।
আতিশীয়ে লগতে অৰবিন্দ কেজৰিৱাল আৰু আপে এনে ভাবুকিৰ প্ৰতি ভয় কৰা নাই বুলি বিজেপিক সকীয়াই দিয়ে। যদি বিজেপিয়ে আপৰ সকলো নেতা-বিধায়কক জেলত ভৰাই দিয়ে, তেন্তে প্ৰতিজন আপ কৰ্মীয়ে নেতা হিচাপে থিয় দিব আৰু গণতন্ত্ৰ আৰু সংবিধান ৰক্ষা কৰিব বুলি আতিশীয়ে লগতে মন্তব্য কৰে।
উল্লেখ্য যে দিল্লী সুৰা নীতি গোচৰৰ তদন্তত যোগদানৰ বাবে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে এইপৰ্যন্ত সাতবাৰ অৰবিন্দ কেজৰিৱাললৈ চমন জাৰি কৰিছে। কিন্তু আপ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে ইডিৰ চমন অগ্ৰাহ্য কৰি আহিছে।