NORTHEAST NOW (Assamese)
দেশ

মৰ্মান্তিক! হাৰ্ট এটেকত মৃত্যু ২৫ বছৰীয়া যুৱকৰ : খবৰ শুনি পত্নীয়ে জাঁপ দিলে সাত মহল আট্টালিকাৰ পৰা

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী February 28, 2024 10:49 am

কেইদিনমানৰ আগতে বিবাহপাশত আৱদ্ধ হৈছিল এই প্ৰেমিক যুগল। বিয়াৰ পিছত সেইদিনা দুয়ো একেলগে চিৰিয়াখানালৈ গৈছিল। সেইদিনা গোটেই দিনটো ভ্ৰমণ কৰাৰ পৰিকল্পনা আছিল প্ৰেমিক যুগলৰ।

কিন্তু ঘনিষ্ঠ আত্মীয়ই সপোনতো ভবা নাছিল যে নতুন দম্পতীহালৰ এনেকুৱা কিবা এটা হ’ব। ২৪ ঘন্টাৰ ভিতৰতে মৃত্যু হ’ল দম্পতীহালৰ। 

বিয়াৰ মাত্ৰ তিনিমাহহে হৈছিল। এয়া উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ ঘটনা। মাত্ৰ ২৫ বছৰীয়া অভিষেক আলুৱালিয়াৰ হাৰ্ট এটেকত মৃত্যু হয়। আৰু পত্নী অঞ্জলিয়ে সেই খবৰটো শুনি সহ্য কৰিব নোৱাৰিলে। পোনে পোনে সপ্তম মহলাৰ বেলকনিলৈ দৌৰি তাৰ পৰা জপিয়াই দিলে। চিকিৎসালয়লৈ নিয়াৰ সময়ত অঞ্জলিক মৃত ঘোষণা কৰা হয়।

যোৱা বছৰৰ ৩০ নৱেম্বৰত বিবাহপাশত আবদ্ধ হৈছিল অভিষেক আৰু অঞ্জলি। যোৱা সোমবাৰে তেওঁলোক দিল্লী চিৰিয়াখানালৈ ভ্ৰমণলৈ গৈছিল। হঠাতে অভিষেকৰ বুকুত বিষ এটা অনুভৱ হ’ল। কি কৰিব বুজিব নোৱাৰি অঞ্জলিয়ে বন্ধু কেইজনমানক ফোন কৰিলে। অভিষেকক প্ৰথমে দিল্লীৰ গুৰু টেগ বাহাদুৰ চিকিৎসালয়লৈ লৈ যোৱা হয়.. তাৰ পৰা তেওঁক ছফদাৰজং হাস্পতাললৈ লৈ যোৱা হয়।

কিছু ঘণ্টাৰ পিছত চিকিৎসকে অভিষেকক মৃত ঘোষণা কৰে। নিশা ৯ মান বজাত অভিষেকৰ মৃতদেহ গাজিয়াবাদৰ বৈশালীৰ দম্পতীহালৰ এপাৰ্টমেণ্টত উপস্থিত হয়। তেনেতে সেই বহুমহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই দিলে অঞ্জলীয়ে। শীঘ্ৰে তেওঁক বৈশালীৰ মেক্স হাস্পতাললৈ লৈ যোৱা হয় যদিও মঙলবাৰে পুৱা চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।

তেওঁলোকৰ এজন আত্মীয়ই কয় যে অভিষেকৰ মৃতদেহ ঘৰ পোৱাৰ পিছত অঞ্জলিয়ে বহুত কান্দিছিল। তাৰ পিছত তেওঁক বেলকনিৰ ফালে দৌৰি যায়। আত্মীয়-স্বজন তাই পিছে পিছে দৌৰিছিল যদিও অঞ্জলিক ৰখাব নোৱাৰিলে। 

অৱশ্যে ২৫ বছৰ বয়সত অভিষেকৰ হাৰ্ট এটেক কেনেকৈ হ’ল সেয়া চিকিৎসকে বুজি পোৱা নাই। তেওঁলোকে কয়, সকলো প্ৰচেষ্টা সত্ত্বেও যুৱকজনক বচাব পৰা নাছিল। যোৱা এবছৰ বা দুবছৰত বাৰে বাৰে এনে ঘটনা সংঘটিত হৈছে, য’ত ৩০ বছৰ বা তাতকৈ কম বয়সৰ যুৱক-যুৱতী হৃদৰোগত আক্ৰান্ত হৈছে। চিকিৎসকসকলেও এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে।