NORTHEAST NOW (Assamese)
জীৱনশৈলী

দেহত কমিছে নেকি প্ৰয়োজনীয় আইৰণৰ পৰিমাণ! কেনেকৈ জানিব..

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 29, 2024 8:18 pm
Low Iron Levels Symptoms

ব্যক্তিৰ শৰীৰৰ সঠিক বৃদ্ধি আৰু বিকাশৰ বাবে অত্যন্ত প্ৰয়োজনীয় আইৰণ। শৰীৰত অক্সিজেন পৰিবহণৰ বাবে প্ৰয়োজনীয় হিম’গ্লবিন গঠনত আইৰণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

কিন্তু বহুসময়ত ব্যক্তিবিশেষ আইৰণৰ অভাৱত পৰা দেখা যায়। বিশেষকৈ মহিলাৰ মাজত আইৰণৰ অভাৱ অধিক উদ্বেগজনকভাৱে পৰিলক্ষিত হয়।

আইৰণৰ মাত্ৰা কম হ’লে বহু লক্ষণে দেখা দিব পাৰে। এনে লক্ষণসমূহে দেখা দিয়াৰ লগে লগে পৰাপক্ষত সাৱধান হোৱা উচিত। এনে কিছু লক্ষণৰ বিষয়ে জানো আহকঃ

১) টোপনিৰ পৰা সাৰ পোৱাৰ পিছত মূৰ ঘূৰোৱাঃ

আইৰণৰ মাত্ৰা কম হ’লে ৰক্তহীনতাই দেখা দিয়ে, যাৰ অৰ্থ হ’ল তেজৰ অক্সিজেন বহন ক্ষমতা হ্ৰাস পায়। ইয়াৰ ফলত মগজুলৈ পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন পৰিবাহিত নহয়।

২/ ওঁঠ ফটাঃ

বিশেষজ্ঞসকলৰ মতে আইৰণৰ অভাৱত শ্লেষ্মা পৰ্দাত প্ৰভাৱ পৰিব পাৰে, যাৰ ফলত ওঁঠ শুকান হয় আৰু ফাটি যায়। চিকিৎসা নকৰিলে এই শুষ্কতাই মুখৰ ভিতৰতো প্ৰভাৱ পেলাব পাৰে।

৩/ হৃদস্পন্দন বৃদ্ধিঃ

হৃদযন্ত্ৰকে ধৰি পেশীৰ সঠিক কামৰ বাবে আইৰণ অতি প্ৰয়োজনীয়। আইৰণৰ মাত্ৰা কম হ’লে স্বাভাৱিক হৃদস্পন্দন বিঘ্নিত হ’ব পাৰে, ধপধপনি বৃদ্ধি হ’ব পাৰে, আৰু গেষ্ট্ৰ’ইছ’ফেজিয়াল ৰিফ্লাক্সত অৰিহণা যোগাব পাৰে, যাৰ ফলত হাৰ্টবাৰ্ণ হ’ব পাৰে।

৪/ চকু নিস্তেজ পৰাঃ

আইৰণৰ অভাৱত হোৱা ৰক্তহীনতাই ছাল শেঁতা পেলায় আৰু চকুতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে। চকুত নিস্তেজতা বা উজ্জ্বলতাৰ অভাৱ আইৰণৰ অভাৱৰ অন্যতম লক্ষণ।

৫/ সহজে ঘাঁ হোৱাঃ

আইৰণৰ অভাৱত ৰক্তবাহী নলী দুৰ্বল হৈ পৰে আৰু ফাটি যোৱাৰ প্ৰৱণতা বৃদ্ধি পায়, যাৰ ফলত সহজে ঘাঁ হ’ব পাৰে। ছালৰ এটা মূল উপাদান কলাজেন উৎপাদনত আইৰণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ইয়াৰ উপৰিও চুলি সৰা, মনোযোগ নবঢ়া,  উশাহ লোৱাত কষ্ট পোৱা, অত্যন্ত ভাগৰুৱা অনুভৱ কৰা, ঠাণ্ডা অনুভৱ কৰা, হাত-ভৰি আৰু মূৰৰ বিষ আইৰণৰ অভাৱৰ আন কিছু সাধাৰণ লক্ষণ।