NORTHEAST NOW (Assamese)
শীর্ষ সংবাদ

মন্ত্ৰী পীযুষ হাজৰিকাৰ কনভয়ৰ গাড়ীৰ খুদাত নিহত গুৱাহাটীৰ যুৱক

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী March 6, 2024 8:38 am

অসমৰ জলসম্পদ আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাৰ কনভয়ৰ খুন্দাত নিহত হৈছে এজন ৩০ বছৰীয়া যুৱক লগতে আহত হৈছে আন এজন যুৱক।

মঙলবাৰে পোহৰলৈ আহিছে এই ঘটনা। গুৱাহাটীৰ খানাপাৰা অঞ্চলত দেওবাৰে নিশা এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

ক্ৰছকাৰেণ্টৰ বাতৰি অনুসৰি, গুৱাহাটীৰ এপ’ল’ হাস্পতালত চিকিৎসাৰ সময়ত মৃত্যু হয় ৰূপম বৰা নামৰ যুৱকজনে।

দেওবাৰে নিশা প্ৰায় ১২.৩০ বজাত সংঘটিত হোৱা দুৰ্ঘটনাটোত বাইক আৰোহী ভুক্তভোগী বৰা গুৰুতৰভাৱে আহত হয়।

খবৰ অনুসৰি বৰাৰ মটৰ চাইকেলখনত মন্ত্ৰী পীযুষ হাজৰিকাৰ কনভয়ৰ সৈতে এখন বলেৰ’ বাহনে খুন্দা মাৰে।

প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে কনভয়টোৱে চহৰৰ ভিতৰত অনুমোদিত গতি সীমা অতিক্ৰম কৰিছিল।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, কনভয়টোত কেইবাখনো এস্কৰ্ট বাহন আছিল, য’ত আছিল AS01EM1111 নম্বৰৰ পঞ্জীয়ন নম্বৰৰ এখন কিয়া কাৰ্নিভাল।

উল্লেখ্য যে এই বাহনখন ৰাহুল জৈন নামৰ ব্যক্তিৰ নামত পঞ্জীয়ন হ’লেও ইয়াক মন্ত্ৰী হাজৰিকাই ব্যৱহাৰ কৰা প্ৰায়ে দেখা যায়।

ঘটনা সন্দৰ্ভত এজন আত্মীয়ই মন্ত্ৰীগৰাকীৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ যোগাযোগ নোপোৱাত হতাশা প্ৰকাশ কৰে।

বৰ্তমানলৈকে মন্ত্ৰী হাজৰিকা বা কোনো আৰক্ষী বিষয়াই এই দুৰ্ঘটনা সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।