NORTHEAST NOW (Assamese)
দেশ

কংগ্ৰেছে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকাঃ তালিকাত নাই প্ৰিয়ংকা গান্ধীৰ নাম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 8, 2024 8:47 pm
Congress Lok Sabha elections

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে আজি প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে প্ৰধান বিৰোধী দল কংগ্ৰেছে। দলটোৰ এই প্ৰথমখন তালিকাত ঘোষণা কৰা হৈছে ৩৯ গৰাকী প্ৰাৰ্থীৰ নাম।

ঘোষিত তালিকা অনুসৰি প্ৰথমবাৰৰ বাবে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল। ছত্তীশগড়ৰ ৰাজনান্দগাঁৱৰ পৰা প্ৰতিদ্বন্দিতাত নামিব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।

ইফালে ৰাহুল গান্ধীয়ে পুনৰ এবাৰ কেৰালাৰ ৱায়ানাদৰ পৰা প্ৰতিদ্বন্দ্বিতা আাগবঢ়োৱাটো নিশ্চিত হৈছে। অৱশ্যে ২০১৯ৰ দৰে আমেথিৰ পৰাও তেওঁ অৱতীৰ্ণ হ’ব নে নহয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

দলৰ জ্যেষ্ঠ নেতা শশী থাৰুৰে তিৰুৱনন্তপুৰমৰ পৰা যুঁজত নামিব। আনহাতে কেৰালাৰ আলাপুজ্জাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব দলটোৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালে।

লক্ষণীয়ভাৱে এইবাৰ দলটোৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে সংসদীয় ৰাজনীতিত অভিষেক ঘটিব বুলি ব্যাপক জল্পনা-কল্পনা চলি আছিল যদিও এই তালিকাত তেওঁৰ নাম উল্লেখ নাই। 

অৱশ্যে কেৱল ছত্তীশগড়, কেৰালা, তেলেংগানা, কৰ্ণাটক, লক্ষদ্বীপ, মেঘালয়, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ বাবেহে কংগ্ৰেছে প্ৰথমখন তালিকাত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।