NORTHEAST NOW (Assamese)
ক্ৰীড়া

টি-২০ বিশ্বকাপত দলত স্থান নহ’ব পাৰে কোহলীৰ! আগাৰকাৰক দিয়া হৈছে দায়িত্ব

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 12, 2024 9:42 pm
Virat Kohli T20 World Cup 2024

অহা ২ জুনৰ পৰা আৰম্ভ হ’ব টি-২০ বিশ্বকাপ। উদ্বোধনী বৰ্ষৰ টি-২০ বিশ্বকাপ জয়ৰ পিছৰ পৰাই খিতাপ জয়ত ব্যৰ্থ হোৱা ভাৰতে এইবাৰ স্বাভাৱিকতেই খিতাপৰ সন্ধানত অৱতীৰ্ণ হ’ব।

পিছে বিশ্বকাপৰ বাবে এইপৰ্যন্ত দল ঘোষণা কৰা নাই বিচিচিআইয়ে। ভাৰতীয় দল ঘোষণাক লৈ ক্ৰিকেটানুৰাগীসকলৰ মাজত চলি আছে ব্যাপক জল্পনা-কল্পনা।

বিশেষকৈ বিশ্বকাপ অভিমুখী দলত তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীৰ স্থান হ’বনে সেই সন্দৰ্ভত যথেষ্ট চৰ্চা চলি আছে। তেনে সময়তে প্ৰকাশ পাইছে এক প্ৰতিবেদন।

প্ৰতিবেদন অনুসৰি, আগন্তুক বিশ্বকাপৰ বাবে দলত স্থান নহ’ব পাৰে কোহলীৰ। মুখ্য নিৰ্বাচক অজিত আগৰকাৰক নতুন খেলুৱৈৰ বাবে কোহলীক স্থান এৰি দিয়াৰ বাবে পতিয়ন নিয়াবলৈ দায়িত্ব দিয়া হৈছে।

গত ২০২২ চনৰ টি-২০ বিশ্বকাপত কোহলীয়ে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছিল যদিও আধুনিক টি-২০ ক্ৰিকেটৰ শৈলীৰ দৰে আক্ৰমণাত্মক গতিৰে ৰাণ সংগ্ৰহ কৰিব দক্ষতাৰ ক্ষেত্ৰত নিৰ্বাচকসকল সন্তুষ্ট নহয় বুলি প্ৰতিবেদনখনত দাবী কৰা হৈছে।

প্ৰকাশিত প্ৰতিবেদন অনুসৰি কোহলীক আগৰকাৰে তেওঁৰ বেটিং শৈলীৰ পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰিছিল আৰু সেই অনুসৰি কোহলীয়েও আফগানিস্তানৰ বিৰুদ্ধে টি-২০ত আক্ৰমণাত্মকভাৱে বেটিং কৰিছিল।

অৱশ্যে আশা কৰাৰ দৰে তেতিয়া বেটত ৰাণ অহা নাছিল কোহলীৰ। প্ৰতিবেদনত দাবী কৰা হৈছে যে ৱেষ্ট ইণ্ডিজৰ লেহেমীয়া উইকেট বেটছমেন হিচাপে কোহলীৰ স্বাভাৱিক খেলৰ লগত খাপ নাখাব বুলি নিৰ্বাচকসকলে মত প্ৰকাশ কৰিছে।

সেয়েহে নিৰ্বাচক সমিতিয়ে দিয়া দায়িত্ব অনুসৰি মুখ্য নিৰ্বাচক আগৰকাৰে নতুন খেলুৱৈৰ বাবে কোহলীক স্থান এৰি দিয়া বিষয়ত পতিয়ন নিয়াবলৈ আলোচনাৰ কাম হাতত লোৱা বুলি জানিব পৰা গৈছে।

ইয়াৰ পিছতো অৱশ্যে কোহলীৰ সম্ভাৱনা শেষ হোৱা নাই বুলি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে। আগন্তুক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত তাৰকা ক্ৰিকেটাৰগৰাকীয়ে নিজকে প্ৰমাণ কৰাৰ সুযোগ পাব বুলি দাবী কৰা হৈছে প্ৰতিবেদনখনত।