NORTHEAST NOW (Assamese)
দেশ

লোকসভা নিৰ্বাচনৰ দিন ঘোষণাঃ ১৯ এপ্ৰিলৰ পৰা হ’ব নিৰ্বাচন, ৪ জুনত ফলাফল ঘোষণা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 16, 2024 4:00 pm
Lok Sabha election

আজি ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে লোকসভা নিৰ্বাচনৰ দিন। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে সংবাদমেল যোগে নিৰ্বাচনৰ দিন ঘোষণা কৰে। এই ঘোষণা অনুসৰি ৭ টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব।।

১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ, ৭ মে’ত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ, ১৩ মে’ত চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ, ২০ মে’ত পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ, ২৫ মে’ত ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ আৰু ১ জুনত সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। আনহাতে ৪ জুনত তাৰিখে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, নৈৰ্বাচনৰ বাবে মুঠ ১০.৫ লাখ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব। এই বুথসমূহ পৰিচালনাৰ বাবে ১.৫ কোটি ভোটগ্ৰহণ বিষয়া নিয়োগ কৰা হ’ব। নিৰ্বাচনত ৫৫ লাখ ইলেক্ট্ৰনিক ভোটিং মেচিন ব্যৱহাৰ কৰা হ’ব।

ইফালে নিৰ্বাচনত মুঠ ৯৬.৮ কোটি পঞ্জীয়নভুক্ত ভোটাৰে ভোটদান কৰিব। ইয়াৰ ভিতৰত ১.৮ কোটি নতুন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। আনহাতে ৪৯.৭ কোটি পুৰুষ ভোটাৰ, ৪৭.১ কোটি মহিলা ভোটাৰ আৰু ৪৮,০৪৪ গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটদান।

একেদৰে ৮৮.৪ লাখ বিশেষভাৱে সক্ষম ভোটাৰ, ৮২  লাখ ৮৫ বছৰ বয়সৰ উৰ্ধৰ ভোটাৰ আৰু ২.৩৮ লাখ গৰাকী এশ বছৰ বয়সৰ উৰ্ধৰ ভোটাৰ আছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে।