NORTHEAST NOW (Assamese)
দেশ

উচ্চ ন্যায়ালয়ৰ কাষ চাপিল কেজৰিৱালঃ জৰুৰী শুনানিৰ অনুৰোধ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 23, 2024 7:12 pm
Arvind Kejriwal

সুৰা নীতিৰ কেলেংকাৰীৰ গোচৰত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ জিম্মাত থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি তেওঁৰ ৰিমাণ্ডক প্ৰত্যাহ্বান জনাই দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে।

দেওবাৰৰ পূৰ্বে এই আবেদনৰ জৰুৰী শুনানিৰ বাবে আবেদন জনাইছে কেজৰিৱালে। আবেদনত কেজৰিৱালে তেওঁৰ গ্ৰেপ্তাৰ আৰু ৰিমাণ্ডৰ আদেশক অবৈধ বুলি যুক্তি প্ৰদৰ্শন কৰিছে।

লগতে তেওঁ আবেদনখনত জিম্মাৰ পৰা তাৎক্ষণিকভাৱে মুকলি হোৱাৰ অধিকাৰ আছে বুলিও যুক্তি আগবঢ়াইছে। ইতিপূৰ্বে কেজৰিৱালে তেওঁৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদন প্ৰত্যাহাৰ কৰিছিল।

মূলতঃ ইডিৰ ৰিমাণ্ড আবেদনৰ বিপক্ষে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদন প্ৰত্যাহাৰ কৰিছিল আম আদমি পাৰ্টিৰ মুৰব্বীগৰাকীয়ে।

উল্লেখ্য যে, বৃ্হস্পতিবাৰে ইডিয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পিছত শুকুৰবাৰে আদালতত হাজিৰ কৰাইছিল। আদালতত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে কেজৰিৱালক সুৰা নীতি কেলেংকাৰীৰ মূল অভিযুক্ত বুলি উল্লেখ কৰিছিল।

ইডিয়ে জেৰাৰ বাবে কেজৰিৱালক ১০ দিনৰ বাবে জিম্মাত বিচাৰিছিল যদিও ৭ দিনৰ জিম্মা মঞ্জুৰ কৰিছিল আদালতে। সেই অনুসৰি অহা ২৮ মাৰ্চলৈকে ইডিৰ জিম্মাত থাকিব কেজৰিৱাল।