NORTHEAST NOW (Assamese)
Popular Stories

৭২ টা সংগীত থকা এখন চিনেমা : চিনেমাখন কি?

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী March 25, 2024 5:45 pm

সংগীতৰ অবিহনে চিনেমা এখন কল্পনা কৰা নাযায়। মুঠতে এখন চিনেমাত তিনিটাৰ পৰা চাৰিটা গীত থাকেই। চিনেমাই মুক্তি লাভ কৰা আগতেই গান কেইটাই মুক্তি লাভ কৰে। 

কিন্তু বিশ্বাস কৰিব নোৱাৰা যেন লাগিলেও সঁচা। এনে এখন ভাৰতীয় চিনেমা আছে যিখন চিনেমাত ৪ বা ৫ টা নহয়, চিনেমাখনত আছে ৭২ টাকৈ গান।

১৯৩২ চনত মুক্তি লাভ কৰিছিল ‘ইন্দ্ৰসভা’ নামৰ চিনেমাখনে। ইয়াত ৭২টা গান ব্যৱহাৰ কৰা হৈছিল। য’ত আছিল ৩১টা গজল, ৯টা থুমৰি, ৪টা হোলী, ১৫টা গীত, ২টা চৌবোলা আৰু ১১টা চান্দ!

এতিয়ালৈকে কোনো চিনেমাই এই গীতৰ অভিলেখ ভংগ কৰিব পৰা নাই। ভৱিষ্যতে কোনোবাই ভংগ কৰিব পাৰিব বুলি আশা কৰা হোৱা নাই। কাৰণ আজিৰ চিনেমাত ইমান বোৰ গীত নাই। সময়ৰ লগে লগে ৰুচিবোৰো সলনি হৈছে।

১৮৫৩ চনত প্ৰথমবাৰৰ বাবে ‘ইন্দ্ৰসভা’ নামৰ নাট এখন মঞ্চস্থ কৰা হয়। পিছলৈ জামাহেজী আৰু জাহাংগীৰজী মদনে ইয়াৰ আধাৰত চিনেমা নিৰ্মাণ কৰিছিল। নিছাৰ, জেহৰানা কাজান, আব্দুল ৰেহমান কাবুলী আদিয়ে এই ছবিখনত অভিনয় কৰিছিল।