NORTHEAST NOW (Assamese)
দেশ

ইডিৰ জিম্মাত অসুস্থ অৰবিন্দ : ৪৬ লৈ নামিছে ব্লাড চুগাৰৰ মাত্ৰা, উচ্চ ন্যায়ালয়ত খাৰিজ আভ্যন্তৰীণ জামিন আবেদন

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী March 27, 2024 8:28 pm

শাৰীৰিক অৱস্থা ক্ৰমান্বয়ে অৱনতি ঘটিছে ইডিৰ জিম্মাত থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ।  আপৰ নেতৃত্বই কৰিছে এই দাবী।

তদন্তকাৰী সংস্থাটোৰ জিম্মাত থকাৰ সময়তে অৰবিন্দ কেজৰিৱালৰ স্বাস্থ্যৰ অৱনতি ঘটিছে বুলি বুধবাৰে আপে এক বিবৃতিত দাবী কৰে। 

বিবৃতিত আপে কোৱা মতে হ্ৰাস পাইছে অৰবিন্দ কেজৰিৱালৰ ব্লাড চুগাৰ। তেওঁৰ শৰীৰত ব্লাড চুগাৰৰ মাত্ৰা ৪৬ লৈ হ্ৰাস পাইছে। 

চিকিৎসকৰ মতে, কেজৰিৱালৰ এই শাৰীৰিক অৱস্থা অতি বিপদজনক।

ইফালে আজি দিল্লী উচ্চ ন্যায়ালয়ত কেজৰিৱালে জামিন আবেদন কৰিছিল যদিও আদালতে জামিন আবেদন খাৰিজ কৰে। অহা ৩ এপ্ৰিলত হ’ব এই গোচৰৰ পৰৱৰ্তী শুনানি।

যোৱা ২১ মাৰ্চৰ নিশা প্ৰায় ৯ বজাত আবকাৰী দুৰ্নীতিৰ গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰে ইডিয়ে। আদালতৰ নিৰ্দেশত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ জিম্মাত আছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী। 

জানিব পৰা মতে, ২৮ মাৰ্চ বৃহস্পতিবাৰে তেওঁক পুনৰ আদালতত হাজিৰ কৰা হ’ব। আদালতত আপে মুখ্যমন্ত্ৰীগৰাকীৰ শাৰীৰিক অৱনতিৰ বিষয়টো উত্থাপন কৰিব।

দৰাচলতে কেজৰিৱাল ডায়েবেটিছ ৰোগত আক্ৰান্ত। মঙলবাৰে কেজৰিৱালক সাক্ষাৎ কৰাৰ পিছত তেওঁৰ পত্নী সুনীতাইও এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে।