NORTHEAST NOW (Assamese)
দেশ

২২ বছৰীয়া নাতিয়েকৰ ধৰ্ষণৰ বলি হ’ল ৮০ বছৰীয়া আইতাক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 31, 2024 7:06 am

উত্তৰ প্ৰদেশৰ কাণপুৰত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক বীভৎস ঘটনা। কাণপুৰৰ বিলহৌৰ অঞ্চলত এগৰাকী ২২ বছৰীয়া যুৱকৰ ধৰ্ষণৰ বলি হৈছে এগৰাকী ৮০ বছৰীয়া বৃদ্ধা। জানিব পৰা মতে ধৰ্ষক বৃদ্ধাগৰাকীৰে আত্মীয়।

ঘটনাৰ বিৱৰণী অনুসৰি বৃহস্পতিবাৰে নিশা অমিত গৌতম নামৰ যুৱকজনে মদ্যপান কৰি বৃদ্ধাগৰাকীৰ ঘৰত প্ৰৱেশ কৰে। ঘৰত প্ৰৱেশ কৰি অমিতে বৃদ্ধাগৰাকীক আক্ৰমণ কৰে আৰু ধৰ্ষণ কৰে। এই আক্ৰমণত বৃদ্ধাগৰাকীৰ এটা দাঁত সৰি যায়। অৱশেষত বৃদ্ধাৰ চিঞৰত ঘৰৰ দেৱাল পাৰ কৰি অমিতে পলায়ন কৰে।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অমিত গৌতমৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে। অমিতৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ (ধৰ্ষণ), ৩২৫ (গুৰুতৰ আঘাত দিয়া), আৰু ৪৫২ (ক্ষতি কৰাৰ উদ্দেশ্যেৰে ঘৰত প্ৰৱেশ) ধাৰাত অভিযোগ উত্থাপন কৰা হৈছে।

বৃদ্ধাগৰাকীকো চিকিৎসা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

তদন্ত অনুসৰি ভুক্তভোগীগৰাকী অভিযুক্তৰ আইতাক, আৰু দুয়োজনেই একেটা অঞ্চলতে বাস কৰে। আৰক্ষীৰ মতে, শ্ৰমিক হিচাপে কাম কৰা অমিতৰ সুৰা আসক্তিৰ ইতিহাস আছে। এই জঘন্য কাণ্ড সংঘটিত কৰাৰ পূৰ্বে তেওঁ বন্ধুৰ  সৈতে সুৰা সেৱন কৰিছিল।

শুকুৰবাৰে গৌতমক আদালতত হাজিৰ কৰোৱা হয় আৰু পৰৱৰ্তী সময়ত কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।