NORTHEAST NOW (Assamese)
অসম

খাদ্যৰ বিষক্ৰিয়া : মাজুলীত ২০ জনতকৈ অধিক ব্যক্তি চিকিৎসাধীন

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী March 31, 2024 9:15 pm

দেওবাৰে নদীদ্বীপ মাজুলীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।  ২০ জনৰো অধিক লোকক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।

খবৰ অনুসৰি কালি এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি একেলগে খাদ্য গ্ৰহণ কৰিছি চিকিৎসাধীন ব্যক্তি সকলে।

খাদ্য গ্ৰহণৰ পিছত বমিকে ধৰি বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ভুগিছিল তেওঁলোকে। তাৰ পিছতেই কমলাবাৰীৰ এখন স্থানীয় চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় অসুস্থ লোকসকলক।

জানিব পৰা মতে অসুস্থ লোকসকল মাজুলীৰ জননী সোণোৱাল, ৰন্ধনীচুক আৰু মাৰিতুনি গাঁৱৰ বাসিন্দা।

এই ঘটনাৰ পিছতেই মাজুলীৰ বিধায়ক ভুবন গামে চিকিৎসালয়খন পৰিদৰ্শন কৰি চিকিৎসাধীন ৰোগীসকলৰ অৱস্থাৰ বুজ লয়।

তদুপৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে। লগতে চিকিৎসক সকলে সকলো ৰোগীকে তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি আছে যাতে অৱস্থা ভয়াৱহ নহয়।