NORTHEAST NOW (Assamese)
Popular Stories

মাহেকীয়া হোৱাৰ কেইবাদিনৰ আগৰে পৰা মন মেজাজ ভালে নাথাকে : সমাধানৰ উপায় কি?

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী April 2, 2024 1:21 pm

মাহেকীয়াৰ সময়ত পেটৰ তলৰ অংশত হোৱা বিষ, ভাগৰুৱা অনুভৱ, পেটৰ বিষ  আদি না না সমস্যাই দেখা দিয়ে। বেছিভাগ মহিলাই মাহেকীয়াৰ দিনকেইটা এইবোৰ সমস্যাৰ মাজেৰে পাৰ কৰিবলগা হয়।

কিন্তু বহুতৰে ক্ষেত্ৰত এই শাৰীৰিক অস্বস্তি মাহেকীয়াৰ আগতেই আৰম্ভ হয়। মুখৰ ব্ৰণ, কঁকালৰ বিষ, মনৰ অস্থিৰতা আদি কেইবাটাও সমস্যাই ঋতুস্ৰাৱৰ আগতেই দেখা দিয়ে। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক প্ৰি-মেনষ্ট্ৰুৱেল চিনড্ৰম বুলি কোৱা হয়। এই লক্ষণসমূহ মাহেকীয়া আৰম্ভ হোৱাৰ ১০-১৫ দিন আগতে দেখা দিয়ে।

কিছুমান মহিলাৰ প্ৰিমেনষ্ট্ৰুৱেল চিণ্ড্ৰম ইমানেই ভয়াৱহ হয় যে দৈনন্দিন কাম-কাজ কৰাটোও কঠিন হৈ পৰে। মাহেকীয়া আৰম্ভ হোৱাৰ লগে লগে এই লক্ষণবোৰ কমি যায় যদিও বেছিভাগ লক্ষণ সাধাৰণতে মাহেকীয়াৰ সমসয়তো স্থায়ী হৈ ৰয়।

এই সমস্যা দূৰ কৰিবৰ বাবে কি কি উপায় অৱলম্বন কৰিব?

১) পেটৰ বিষ, ভাগৰুৱা, পেশীৰ বিষ আদি সমস্যাৰ পৰা হাত সাৰিবলৈ প্ৰচুৰ পৰিমাণে পানী খাব লাগে। গোটেই মাহটো প্ৰচুৰ পানী খালে ঋতুস্ৰাৱৰ দিনবোৰত বিষ কমকৈ হ’ব। যদি চৰ্দি-কাঁহ হয় তেন্তে পিৰিয়ডৰ লক্ষণবোৰ অধিক কষ্টদায়ক হ’ব।

২) গোটেই মাহটো ব্যায়াম কৰা। অনিয়মিত ঋতুস্ৰাৱৰ সমস্যা দূৰ কৰাৰ পৰা আৰম্ভ কৰি ব্যায়ামে ঋতুস্ৰাৱৰ সময়ত শাৰীৰিক বিষৰ পৰাও উপশম দিয়ে। ব্যায়াম কৰিলে শৰীৰত ৰক্ত সঞ্চালন সক্ৰিয় হৈ থাকে। ঋতুস্ৰাৱৰ সময়তো লঘু ব্যায়াম কৰিব পাৰে।

৩) পিৰিয়ড আৰম্ভ হোৱাৰ আগতেই মন-মেজাজ বিঘ্নিত হয়। ইয়াৰ মূল কাৰণ হ’ল হৰম’নৰ ভাৰসাম্যহীনতা। গতিকে পটাছিয়াম, মেগনেছিয়াম, কেলচিয়াম আৰু ভিটামিন ডি সমৃদ্ধ খাদ্য খাদ্যৰ তালিকাত ৰাখক।

৪) পিৰিয়ডৰ সময়ত শাৰীৰিক অস্বস্তিৰ পৰা হাত সাৰিবলৈ কুহুমীয়া পানীৰে গা ধুব লাগে। 

৫) ঋতুস্ৰাৱৰ সময়ত শাৰীৰৰ পীড়া কমোৱাৰ বাবে ধ্যান কৰিব লাগে। লগতে অস্বাস্থ্যকৰ আৰু ভজা-পোৰা খাদ্যৰ খোৱাৰ পৰাও আঁতৰি থাকিব লাগে। ইয়াৰ দ্বাৰা ঋতুস্ৰাৱৰ পূৰ্বে আৰু ঋতুস্ৰাৱৰ সময়ত হোৱা সমস্যাৰ পৰা হাত সাৰিব পাৰি।