NORTHEAST NOW (Assamese)
অসম

কান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত ৰীমা দসৰ ‘ভিলেজ ৰকষ্টাৰ্‌ছ’

Posted by: এন ই নাও নিউজ May 16, 2018 5:32 pm
village rockstars1

অসমৰ গ্ৰাম্য জীৱনৰ দৰিদ্ৰতাৰ পটভূমিত এগৰাকী কিশোৰীৰ জীৱনৰ ওপৰত আধাৰিত পৰিচালক ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্‌ছ’  চলিত বছৰৰ কান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে।

মঙলবাৰে পৰিচালক দাসে তেওঁৰ চলচ্চিত্ৰখনৰ সম্বন্ধে জৰ্জিয়া বিশ্ববিদ্যালয়ৰ অধ্যপক ড০ নাথানিয়েল কন আৰু তেখেতৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এটা আলোচনাচক্ৰত অংশগ্ৰহণ কৰে।কানৰ ইণ্ডিয়ান পেভিলিয়ানত অনুষ্ঠিত এই আলোচনাচক্ৰখনৰ আঁত ধৰিছিল উমা ডা কুনহাই।

তেওঁ ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা চলচ্চিত্ৰৰ ওপৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া পেনেলৰ আলোচনাচক্ৰতো অংশগ্ৰহণ কৰিছিল। উল্লেখ্য যে অতি বিশিষ্ট কান চলচ্চিত্ৰ মহোৎসৱৰ চলিত বৰ্ষৰ প্ৰদৰ্শনৰ বাবে বাচনি কৰা ভাৰতৰ অন্য চৰিখন চলচ্চিত্ৰৰ সৈতে ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্‌ছ’কো নিৰ্বাচিত কৰা হৈছিল।

village rockstars2

বিগত বৰ্ষৰ পৰাই ৰীমা দাসে তেওঁৰ চলচ্চিত্ৰখন বিশ্বৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰাৰ বাবে বিশ্বৰ বহু দেশ ভ্ৰমণ কৰিছিল। প্ৰদৰ্শিত হোৱা প্ৰতিখন চলচ্চিত্ৰ মহোৎসৱতেই চলচ্চিত্ৰখনে সমলোচকৰ প্ৰশংসা লাভ কৰিবলৈ সামৰ্থ হৈছিল।

‘ভিলেজ ৰকষ্টাৰ্‌ছ’ হৈছে এগৰাকী ১০ বছৰীয়া ছোৱালীৰ কাহিনী। এই চলচ্চিত্ৰখনৰ কাহিনী, নিৰ্দেশনা, প্ৰযোজনা, চিত্ৰগ্ৰহণ আৰু ডিজাইন কৰিছে ৰীমা দাসে। এটা ৰক বেণ্ড হিচাপে ধেমালী কৰা এজাক শিশুৰে আৰম্ভ হোৱা চলচ্চিত্ৰখনত কেনেদৰে দৰিদ্ৰতাৰ মাজত জীৱন অতিবাহিত কৰিলেও গাঁওলীয়া শিশুহঁতৰ জীৱনৰ আনন্দখিনি সম্পূৰ্ণ দিশৰ পৰা তুলি ধৰা হয়।