NORTHEAST NOW (Assamese)
দেশ

পৰিৱেশ নষ্ট হোৱাৰ আশংকা! দলবদ্ধ ধৰ্ষণৰ বলি ছাত্ৰীক পৰীক্ষাত অৱতীৰ্ণ হোৱাত বাধা বিদ্যালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 5, 2024 4:55 pm

ৰাজস্থানৰ আজমেৰৰ এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। এই ছাত্ৰীগৰাকী বলি হৈছিল জঘন্য নিৰ্যাতনৰ। দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল ছাত্ৰীগৰাকী। এনে জঘন্য আতিশয্যৰ পিছত ছাত্ৰীগৰাকী সন্মুখীন হ’ল আন এক নিৰ্যাতনৰ।

ছাত্ৰীগৰাকীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি বিগত বছৰ দলবদ্ধ ধৰ্ষণ হোৱাৰ বাবে তেওঁ অধ্যয়ন কৰি থকা বিদ্যালয়খনে তেওঁক ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ ল’বলৈ অনুমতি দিয়া নাছিল।

ধৰ্ষণৰ বলি হোৱা ছাত্ৰীগৰাকীৰ বিদ্যালয়খনৰ পৰিৱেশ বিনষ্ট কৰিব বুলি আশংকা কৰি বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰীগৰাকীক পৰীক্ষাত অৱতীৰ্ণ হোৱাত বাধা দিয়াৰ লগতে তেওঁক ঘৰতে পঢ়িবলৈ পৰামৰ্শ দিয়া বুলি অভিযোগ উত্থাপন কৰে।

ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীয়ে শিশু কল্যাণ সমিতিলৈ এখন পত্ৰ প্ৰেৰণ কৰাৰ লগে লগে বিষয়টো পোহৰলৈ আহে। ছাত্ৰীগৰাকীৰ অভিযোগ সন্দৰ্ভত শিশু কল্যাণ সমিতিৰ অধ্যক্ষ অঞ্জলি শৰ্মাই সদৰী কৰিছে।

অঞ্জলি শৰ্মাই জানিবলৈ দিয়া মতে তেওঁ চাৰি মাহ পূৰ্বে ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া আছিল ছাত্ৰীগৰাকী। কিন্তু বিদ্যালয় কৰ্তৃপক্ষই তেওঁক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰয়োজনীয় এডমিট কাৰ্ড দিয়াৰ পৰা আঁতৰি থাকে।

পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰীৰ তালিকাৰ পৰা তেওঁৰ নাম বাদ দিয়া হৈছে বুলি বিদ্যালয়খনে ছাত্ৰীগৰাকীক জানিবলৈ দিয়ে। ছাত্ৰীগৰাকীৰ এই পত্ৰৰ পিছতে অঞ্জলি শৰ্মাই  জিলা শিক্ষা বিষয়ালৈ এক পত্ৰ প্ৰেৰণ কৰি বিদ্যালয়খনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ আহ্বান জনায়।

লগতে ছাত্ৰীগৰাকীৰ শিক্ষাৰ ক্ষেত্ৰত যাতে কোনো বাধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ জিলা শিক্ষা বিষয়াক আহ্বান জনায় শিশু কল্যাণ সমিতিৰ অধ্যক্ষ অঞ্জলি শৰ্মাই ।

ইয়াৰ উপৰিও ছাত্ৰীগৰাকীক আইনী সহায় আগবঢ়োৱাৰ উদ্দেশ্যে শিশু কল্যাণ সমিতিয়ে জিলা আইন সেৱা প্ৰাধিকৰণৰ সৈতেও আলোচনাত মিলিত হোৱা বুলি জানিবলৈ দিয়ে অঞ্জলি শৰ্মাই।