NORTHEAST NOW (Assamese)
অসম

দুৰ্ভাগ্যজনক ঘটনা! হোষ্টেলৰ কোঠাত উদ্ধাৰ আই আই টি গুৱাহাটীৰ ছাত্ৰৰ মৃতদেহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 12, 2024 12:52 pm

ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (আই আই টি) গুৱাহাটীৰ হোষ্টেলৰ কোঠাত উদ্ধাৰ হৈছে এগৰাকী ছাত্ৰৰ মৃতদেহ। ছাত্ৰজনে আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

শুকুৰবাৰে আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে নিশা হোষ্টেলৰ কোঠাৰ পৰা ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। বিহাৰৰ সমষ্টিপুৰ অঞ্চলৰ বাসিন্দা ছাত্ৰগৰাকীৰ বয়স ২০ বছৰ। তেওঁ বিটেকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ আছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি, হোষ্টেলৰ নিৰাপত্তাৰক্ষীয়ে প্ৰথমে ছাত্ৰজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে। তেওঁৰ কোঠাৰ পৰা উদ্ধাৰ হৈছে এটা ছুইচাইড নোট। সেইটো ইতিমধ্যে ফৰেনছিক টেষ্টৰ বাবে প্ৰেৰণ কৰা হৈছে।

ইপিনে, মৃত ছাত্ৰজনৰ পৰিয়ালে ৰেগিং আৰু হত্যাৰ অভিযোগ উত্থাপন কৰি বিষয়টোৰ সম্পূৰ্ণ তদন্তৰ দাবী জনাইছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছতহে প্ৰকৃত কাৰণ জানিব পৰা যাব।

আনহাতে, ছাত্ৰজনৰ মৃত্যুত শোক প্ৰকাশ কৰি আই আই টি গুৱাহাটীয়ে এক বিবৃতি প্ৰকাশ কৰে। বিবৃতিটোত কোৱা হৈছে, “ছাত্ৰগৰাকীৰ মৃত্যুৰ দুৰ্ভাগ্যজনক ঘটনাত পৰিয়াললৈ আমাৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো, আৰু এই কঠিন সময়ত তেওঁলোকক প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ যত্নপৰ হৈছো। আৰক্ষীয়ে এই দুৰ্ভাগ্যজনক কাণ্ডৰ পৰিস্থিতিৰ তদন্ত কৰি আছে। ছাত্ৰজনৰ গোপনীয়তা আৰু এই ঘটনাৰ সংবেদনশীলতাক বিবেচনা কৰি এই ঘটনাৰ বাতৰি প্ৰকাশ কৰিবলৈ সংবাদ মাধ্যমক অনুৰোধ জনোৱা হৈছে।”