NORTHEAST NOW (Assamese)
অসম

দিশপুৰ মহাবিদ্যালয় আৰু ভাৰত ভূটান মৈত্ৰী সংস্থাৰ উদ্যোগত ‘ভাৰত-ভূটান’ সাংস্কৃতিক বিনিময় কাৰ্যসূচী সম্পন্ন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 13, 2024 9:53 am

দিশপুৰ মহাবিদ্যালয় আৰু ভাৰত ভূটান মৈত্ৰী সংস্থাৰ বুজাবুজি চুক্তিৰ অংশ হিচাবে ভূটানৰ চানদ্ৰুপ জংখাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত যোৱা বুধবাৰে এক সাংস্কৃতিক বিনিময় কাৰ্যসূচী অনুষ্ঠিত হয়। চানদ্ৰুপ জংখাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কেচাং চেৰিংৰ আদৰণি ভাষণৰ লগতে বৌদ্ধিক প্ৰাৰ্থনা সংগীত তথা ভূটান-ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতেৰে অনুষ্ঠান আৰম্ভ হয়।

চানদ্ৰুপ জংখাৰ জিলা প্ৰশাসনৰ মাননীয় বিচাৰাধিপতি চাংগেই চিৰাপ ড্ৰাংপোন জংখোপ প্ৰশাসনিক এচ জেই শুভাৰম্ভ কৰি কয় যে এনেধৰণৰ সাংস্কৃতিক বিনিময় কাৰ্যসূচীয়ে দুয়োখন দেশৰ মাজত সমতা, ভাতৃত্ববোধ অধিক সুদৃঢ় কৰিব। ভূটানৰ ভিতৰত এখন উৎকৃষ্ট বিদ্যালয়ত এনে কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে ভাৰত ভূটান মৈত্ৰী সংস্হা আৰু অসমৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান দিশপুৰ মহাবিদ্যালয়ৰ শলাগ লয়।

তেওঁ সুন্দৰ পিচাই, সত্য নাডেলা, শান্তনু নাৰায়ণ, নীলমোহন আদি কেইবাগৰাকীও ভাৰতীয়ই বিদেশৰ চফটৱেৰ কোম্পানীসমূহৰ মুখ্য কাৰ্য্যবাহী বিষয়াৰ স্থানত অধিষ্ঠিত হোৱা ভাৰতবৰ্ষৰ মেধাসম্পন্ন ব্যক্তিসকলৰ উদ্ধৃতিৰে ভাষণ প্ৰসংগত ভাৰতৰ সৈতে তেওঁলোকৰ সম্বন্ধ গাঢ় হৈ থাকিব বুলি উল্লেখ কৰি এনে অনুষ্ঠানে ইয়াক গতি প্ৰদান কৰিবলৈ সক্ষম হৈছে বুলি কয়।

দিশপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নৱজ্যোতি বৰাই কয় যে দুয়োখন দেশৰ মাজত সম্পৰ্ক সুদৃঢ় কৰা আৰু দুয়োখন দেশৰ ছাত্ৰ-ছাত্ৰীসকলে ইজনে সিজনক বুজিবলৈ এনে সাংস্কৃতিক কাৰ্যসূচীয়ে যথেষ্ট সহায়ক হ’ব। তেওঁ অদূৰ ভৱিষ্যতেও এই ধৰণৰ মত বিনিময় কাৰ্যসূচী অব্যাহত ৰাখিব বুলি ব্যক্ত কৰে।

তেওঁ লগতে অনুষ্ঠানৰ সফলতা বিশেষ সহযোগ আগবঢ়োৱা ভূটান ইণ্ডিয়া ফ্ৰেইণ্ডশ্বিপ এছ’ছিয়েছনৰ কাৰ্যসূচী ৰূপায়ণ সম্পাদক আপচী, সম্পাদক ডেভিড বড়ো, মনদীপ বসুমতাৰী, প্ৰণৱ নাৰ্জাৰী আটাইকে ধন্যবাদ জ্ঞাপন কৰে।

ড° সঞ্জীৱ কুমাৰ শৰ্মা, পেলদন আৰু নাডো  ৰিচেন-এ পৰিচালনা কৰা সাংস্কৃতিক অনুষ্ঠানত ঘো আৰু ৰিৰা পৰম্পৰাগত সাজপোছাক পৰিধান কৰি বৌদ্ধ ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰা জড়িত চাম নৃত্য আৰু কেইবাটাও পৰিবেশ্য কলাই সামৰি লোৱা নৃত্য পৰিবেশন কৰে চানদ্ৰুপ জংখাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে।

আনহাতে দিশপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বড়োসকলৰ পৰম্পৰাগত নৃত্য, কাৰ্বি নৃত্য, সত্ৰীয়া নৃত্য, বিহু নৃত্যৰ লগতে ভাৰতৰত্ন ড° ভূপেন হাজৰিকাদেৱৰ গীতেৰে সাংস্কৃতিক কাৰ্য্যসূচী জীপাল কৰি তোলে।

অনুষ্ঠানত দিশপুৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড°  সুনীতা আগৰৱালা, ইন্দ্ৰানী চৌধুৰী মহন্ত, ড°  শশীমোহন দাস, ড°  মথুৰ বৰ্মন, ড°  জ্যোতিষ , ড° শিখাজ্যোতি ডেকা, ড° স্মৃতি ডেউৰী আৰু পল্লবী কাশ্যপ আৰু ১০১ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু চামদ্ৰুপ জংখাৰ বিদ্যালয়, ভূটানৰ ৩২ গৰাকী শিক্ষক-শিক্ষয়ত্ৰী আৰু ৩১৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা সাংস্কৃতিক বিনিময় অনুষ্ঠানৰ আবেলি ৩ বজাত সামৰনি পৰে।