NORTHEAST NOW (Assamese)
দেশ

 ৰাহুল গান্ধীৰ হেলিকপ্টাৰ পৰিদৰ্শন নিৰ্বাচনী আয়োগৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 15, 2024 9:07 pm

সোমবাৰে ৰাহুল গান্ধীৰ হেলিকপ্টাৰত অভিযান চলায় নিৰ্বাচনী আয়োগে। তামিলনাডুত অৱতৰণ কৰাৰ ঠিক পিছতেই নিৰ্বাচনী বিষয়াসকলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ হেলিকপ্টাৰ পৰিদৰ্শন কৰে।

জানিব পৰা মতে গান্ধীয়ে হেলিকপ্টাৰেৰে মহীশূৰুৰ পৰা নীলগিৰিলৈ যাত্ৰা কৰিছিল। কেইবাটাও কাৰ্যসূচীৰে কংগ্ৰেছ নেতাগৰাকী কেৰালাৰ সংসদীয় সমষ্টি ৱায়ানাদলৈ ৰাওনা হৈছিল।

উল্লেখ্য যে ৱায়ানাদৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে গান্ধীয়ে।

ইফালে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আয়কৰ বিষয়াসকলৰ লগত বিজেপি নেতাসকলে নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা হেলিকপ্টাৰ পৰিদৰ্শন কৰে।

কুচবিহাৰত এখন সভাত ভাষণ দি বেনাৰ্জীয়ে অভিযোগ কৰে যে নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে টিএমচিৰ বিৰুদ্ধে কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰ কৰিছে।