NORTHEAST NOW (Assamese)
Popular Stories

পত্নীৰ সলনি স্বামীকহে টিকট দিলে দলে : স্বামীৰ বিৰুদ্ধে নিৰ্বাচন খেলিবলৈ উদ্যত পত্নী

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী April 20, 2024 8:34 pm

দেশত চলি থকা নিৰ্বাচনৰ উষ্ণ পৰিৱেশৰ মাজতে পোহৰলৈ আহিছে দক্ষিণ ভাৰতৰ এটা ঘটনা। অন্ধ্ৰপ্ৰদেশৰ আগুন্তুক বিধান সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই ঘটনা। 

অন্ধ্ৰ প্ৰদেশৰ এহাল দম্পতীৰ মাজত হোৱা পাৰস্পৰিক কাজিয়া এতিয়া নিৰ্বাচনী যুঁজলৈ পৰিণত হৈছে। স্বামীৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ হুংকাৰ দিছে পত্নীয়ে। 

খবৰ অনুসৰি মহিলাগৰাকীৰ স্বামীক শ্ৰীকাকুলাম জিলাৰ থেক্কালি বিধানসভা সমষ্টিৰ পৰা বিৰ্বাচনত থিয় কৰাইছে ৰাজ্যৰ শাসকীয় দল ৱাই এছ আৰ কংগ্ৰেছে। 

ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি ২০২৪ চনৰ ১৩ মে’ত অন্ধ্ৰ প্ৰদেশত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। অহা ৪ জুনত হ’ব অন্ধ্ৰ প্ৰদেশ বিধানসভা নিৰ্বাচন ২০২৪ৰ ভোটগণনা।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি,  জিলা পৰিষদৰ সদস্য দুৱদা বাণীয়ে স্বামী দুৱবাদ শ্ৰীনিবাসৰ বিৰুদ্ধে বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে।

দুৱদা বাণীক পূৰ্বে ৱাই এছ আৰ কংগ্ৰেছে সমষ্টিৰ প্ৰভাৰী হিচাপে নিযুক্তি দি প্ৰতিশ্ৰুতি দিছিল যে নিৰ্বাচনত তেওঁক টেককালিৰ পৰা নিৰ্বাচনী টিকট প্ৰদান কৰা হ’ব। 

অৱশেষত দলটোৱে সেই সমষ্টিত দুৱদাৰ সলনি টিকট প্ৰদান কৰিলে দুৱদাৰ স্বামীক। তাৰপিছতে দুৱদাই ঘোষণা কৰিছিল যে যদি দলটোৱে সিদ্ধান্ত সলনি কৰি স্বামীৰ সলনি তেওঁক টিকট প্ৰদান নকৰে তেন্তে তেওঁ স্বামী তথা দলটোৰ বিৰুদ্ধে ২২ এপ্ৰিলত মনোনয়ন দাখিল কৰিব।

আমোদজনক কথাটো হ’ল যে এই দম্পতীহালৰ সুখী সংসাৰ প্ৰায় তিনি দশক ধৰি চলি আহিছে আৰু যোৱা বছৰ দলটোৱে শ্ৰীনিবাসক প্ৰাৰ্থী হিচাপে বাছি লোৱাৰ সময়তহে তেওঁলোকৰ মাজৰ মতানৈক্যৰ কথা পোহৰলৈ আহিছিল। তেতিয়াৰ পৰাই তেওঁলোক পৃথকে পৃথকে বাস কৰি আছে। 

শ্ৰীনিবাস অধিবক্তা হোৱাৰ বিপৰীতে শ্ৰীকাকুলাম জিলা পৰিষদৰ উপ-সভাপতি পদত অধিস্থিত তেওঁৰ পত্নী দুৱদা বাণী। দুৱদা বাণীৰ পিতৃ সম্পাথ ৰাঘৱ ৰাও আছিল উত্তৰ উপকূলীয় অন্ধ্ৰৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা। 

উল্লেখ্য যে শ্ৰীনিবাস ২০২১ চনত অন্ধ্ৰ প্ৰদেশ বিধান পৰিষদলৈ নিৰ্বাচিত হৈছিল। ইয়াৰ পূৰ্বে ২০১৪ চনত ৱাই এছ আৰ চি পিৰ টিকটত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও টিডিপিৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ ৰাজ্যিক সভাপতি কিঞ্জৰাপুৰ এচচেন্নাইডুৰ হাতত তেওঁ পৰাস্ত হৈছিল। ২০০১ চনত যুৱ কংগ্ৰেছৰ নেতা হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰি ২০০৯ চনত চিৰঞ্জীৱীৰ প্ৰজা ৰাজ্যম পাৰ্টিত যোগদান কৰিছিল শ্ৰীনিবাসে।