NORTHEAST NOW (Assamese)
Popular Stories

বিয়াঘৰতো আই পি এল!  ব্যতিক্ৰমী ৰূপত জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিলে চেন্নাই চুপাৰ কিংগছৰ দুই অনুৰাগীয়ে

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী April 21, 2024 7:01 am

আই পি এলৰ জ্বৰত আক্ৰান্ত দেশৰ সকলো ক্ৰিকেটপ্ৰেমী। সকলোৰে মোবাইলে মোবাইলে, ঘৰৰ টিভি বোৰত কেৱল আই পি এল চলিছে এইকেইদিনত। 

আই পি এলৰ এই বতৰৰ মাজতে পোহৰতলৈ আহিছে অভিনৱ পদ্ধতিৰে বিবাহৰ অনুষ্ঠান আয়োজন  কৰা এহাল দম্পতীৰ কথা। জানিব পৰা মতে দুই প্ৰেমিক-প্ৰেমিকা চেন্নাই চুপাৰ কিংগছৰ অনুৰাগী। 

এইহাল প্ৰেমিক দম্পতীয়ে নিজৰ বিয়াঘৰ সজাই তুলিলে আই পি এলৰ পোষ্টাৰেৰে। আনকি আই পি এলৰ পোষ্টাৰৰ আৰ্হিত ছপা কৰিলে বিয়াৰ নিমন্ত্ৰণী পত্ৰ। 

ইতিমধ্যে সামাজিক মাধ্যমত বিয়পি পৰিছে তেওঁলোকৰ বিবাহ অনুষ্ঠান আই পি এলৰ ডিজাইনেৰে সজাই তোলাৰ বিভিন্ন দৃশ্য। 

বিয়াৰ সাজত ফটোৰ বাবে প’জ দিয়া দম্পতী হালৰ হাতত আছিল চেন্নাই ট্ৰফীৰ আৰ্হিত ফটো ফ্ৰেম।  ইয়াৰ উপৰিও সমগ্ৰ বিবাহগৃহটো হালধীয়া কাপোৰেৰে সজাই তোলা হৈছিল। কইনাৰ পোছাকতো আছে হালধীয়া ৰঙ। 

এতিয়া ক্ৰিকেটৰ জগতত আমোদ যোগাইছে এই বিশেষ বিয়াখনে। হাজাৰ হাজাৰ ক্ৰিকেট অনুৰাগীয়ে শুভেচ্ছাবাণীৰে বোৱাই পেলাইছে তেওঁলোক দুজনৰ ইনষ্টাগ্ৰাম একাউন্টৰ কমেন্ট বক্স।