NORTHEAST NOW (Assamese)
মনোৰঞ্জন

অনন্য ৰূপত ভিঞ্চিৰ চিত্ৰ ‘ম’নালিছা’! কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত অসম্ভৱকো কৰা হ’ল সম্ভৱ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী April 21, 2024 6:51 pm

লিঅ’নাৰ্ডো ডা ভিঞ্চিৰ এক অনবদ্য সৃষ্টি আছিল ম’নালিছা৷শেহতীয়াকৈ ভিঞ্চিৰ কিংবদন্তি চিত্ৰ ‘ম’নালিছা’ই চলমান চকু আৰু মুখেৰে গান গোৱা দেখা গৈছে। এই কাৰ্য মাইক্ৰ’ছফ্টৰ নতুন আৰ্টিফিচিয়েল ইনটেলিজেন্স (AI) এপে অসম্ভৱ কৰি তুলিছে। এই ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে নেটিজেনসকলে সঁহাৰি জনাইছে।

এগৰাকী পেছাদাৰী ৰেপ সংগীত শিল্পীৰ দৰে ম’নালিছা-এ ছবিখনত গান গাইছে। আৰু সেইটোৱেই সম্ভৱ কৰি তুলিছে মাইক্ৰ’ছফটে। তেওঁলোকৰ নতুন এআই এপ VASA-One এ ঠিক তেনেকুৱাই কৰিছে। কেৱল ম’নালিছা-এ নহয়, যিকোনো স্থিৰ ছবিয়েই কথা ক’ব পৰাকৈ বনাব পাৰি। দেখাত এনে লাগে যেন এজন জীৱিত মানুহে কথা কৈছে।

 

 

 

মাইক্ৰ’ছফ্টৰ অফিচিয়েল ৱেবছাইটত মুকলি কৰা হৈছে ম’নালিছাৰ মিউজিক ভিডিঅ’। ভিডিঅ’টো লগে লগে ভাইৰেল হৈ পৰিল। এই পৰ্যন্ত ৭০ লাখ লোকে এই ভিডিঅ’ প্ৰত্যক্ষ কৰিছে।

মাইক্ৰ’ছফ্টৰ মতে VASA হৈছে যিকোনো ছবি প্ৰায় মানুহৰ দৰে দেখা দিয়াৰ এক কৌশল। প্ৰিমিয়াৰ মডেল ভাছা ৱানে কেৱল ওঁঠ লৰচৰ কৰিব পাৰে। ইয়াৰ লগত কণ্ঠ সংযোগ কৰিব পাৰি।ভাইৰেল হোৱা ভিডিঅ’ৰ প্ৰতিক্ৰিয়া স্বৰূপে কৰ্তৃপক্ষই কয় যে- আমাৰ অনলাইন ডেমো সংস্কৰণ মুকলি কৰাৰ কোনো উদ্দেশ্য নাই। যেতিয়ালৈকে আমি এই সামগ্ৰীবিধৰ আইনী ব্যৱহাৰৰ বিষয়ে নিশ্চিত হ’ব নোৱাৰো, তেতিয়ালৈকে ইয়াক বজাৰত মুকলি কৰা নহ’ব।