NORTHEAST NOW (Assamese)
অসম

দৃষ্টান্ত! পত্নীৰ বিৰুদ্ধে দুৰ্নীতিৰ তদন্ত; চৰকাৰী দায়িত্বৰ পৰা আঁতৰি আহিছে স্পেইনৰ প্ৰধানমন্ত্ৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 25, 2024 11:43 am

স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজৰ পত্নীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উঠিছে। ন্যায়িক তদন্ত আৰম্ভ হৈছে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে তদন্তৰ সময়ত চৰকাৰী দায়িত্বৰ পৰা বিৰত থাকিব বুলি ঘোষণা কৰিছে।

বুধবাৰে পেড্ৰ’ ছানচেজে কয় যে তেওঁৰ পত্নী বেগোনা গোমেজৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগ সঁচা নহয়। তদন্তৰ সময়ত চৰকাৰৰ মুৰব্বীগৰাকীয়ে কয় যে অহা সোমবাৰলৈকে অন্তত তেওঁ চৰকাৰী দায়িত্বৰ পৰা নিজকে আঁতৰাই ৰাখিব।

লগতে পঢ়কঃ নির্বাচনৰ মাজতে নীতিশ কুমাৰৰ জেডিইউৰ নেতাক গুলীয়াই হত্যা! তদন্ত অব্যাহত আৰক্ষীৰ

পেড্ৰ’ ছানচেজে এক্সত আপলোড কৰা এটা পোষ্টত নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ বিষয়ে কয় যে, “মোক এটা বিৰতিৰ প্ৰয়োজন। চিন্তা কৰাৰ প্ৰয়োজন। মই চৰকাৰৰ নেতৃত্ব দি থকা উচিত নে পদত্যাগ কৰা উচিত সেই প্ৰশ্নৰ উত্তৰ জানিব লাগিব।”

পেড্ৰ’ ছানচেজৰ পত্নী বেগোনা গোমেজ (৪৯) স্পেইনৰ ৰাজনীতিত কোনো চিনাকি মুখ নহয়। তেওঁ কোনো চৰকাৰী দায়িত্বত নাই। স্পেইনত আইনী যুঁজৰ মঞ্চ মানোছ লিম্পিয়াছে (ক্লিন হেণ্ড) অভিযোগ কৰিছে যে প্ৰধানমন্ত্ৰী পেড্ৰ’ৰ পত্নীয়ে ব্যৱসায়িক চুক্তিত স্বাক্ষৰ কৰাৰ ক্ষেত্ৰত নিজৰ প্ৰভাৱ ব্যৱহাৰ কৰিছে।

মানোছ লিম্পিয়াছৰ নেতা হৈছে মিগেল বাৰ্নাৰ্ড ৰেমন। স্পেইনত তেওঁ সোঁপন্থী ব্যক্তি হিচাপে পৰিচিত। মাদ্ৰিদৰ এখন আদালতে ইয়াৰ অভিযোগৰ প্ৰতি লক্ষ্য ৰাখিছে। তদন্তৰ নিৰ্দেশ দিছে।

লগতে পঢ়কঃ অসমৰ কাৰাগাৰৰ পৰা পঞ্জাৱত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অমৃতপল সিঙে

কেৱল প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজেই নহয়, স্পেইনৰ ন্যায় বিষয়ক মন্ত্ৰী ফেলিক্স বোলানোছেও প্ৰধানমন্ত্ৰীৰ পত্নী বেগোনা গোমেজৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগক “মিছা” বুলি অভিহিত কৰিছে।