NORTHEAST NOW (Assamese)
দেশ

বিজ্ঞাপনৰ নামত গুগলত বিজেপিৰ ১০০ কোটি টকাৰো অধিক ব্যয়! গেৰুৱা শিবিৰে দেশত গঢ়ি তুলিলে নতুন নজিৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 27, 2024 9:36 am

সময়ৰ লগে লগে সলনি হৈছে নিৰ্বাচনী প্ৰচাৰৰ শৈলী। দেৱাল লিখন, ৰাজহুৱা সভা আদিৰ উপৰিও প্ৰচাৰ অভিযানত ডিজিটেল প্লেটফৰ্মৰ গুৰুত্ব দিনক দিনে বাঢ়িছে। আৰু বিজেপিয়ে সেই অনলাইন মাধ্যমৰ সৰ্বাধিক ব্যৱহাৰ কৰিছে। গেৰুৱা শিবিৰে গুগল আৰু ইউটিউবত ১০০ কোটিতকৈ অধিক টকাৰ বিজ্ঞাপন দিছে।বিজেপি দেশৰ প্ৰথমটো ৰাজনৈতিক দল যিয়ে বিজ্ঞাপনত ইমান টকা খৰচ কৰিছে।

২০১৮ চনৰ ৩১ মে’ৰ পৰা বিশ্বৰ প্ৰথম স্থানত থকা চাৰ্চ ইঞ্জিনে গুগল এডছ ট্ৰেন্সপাৰেন্সি ৰিপ’ৰ্ট দাখিল কৰিবলৈ আৰম্ভ কৰে। ৩১মে’ৰ পৰা ২৫ এপ্ৰিললৈকে এই দেশৰ ৰাজনৈতিক দলসমূহে ৩৯০ কোটিৰ বিজ্ঞাপন গুগলত ৰাখিছে। ইয়াৰে ২৬ শতাংশ গেৰুৱা শিবিৰৰ বিজ্ঞাপন। কেৱল বিজেপিয়ে গুগল আৰু ইউটিউবত ১০১ কোটি টকা মূল্যৰ বিজ্ঞাপন দিছে।

গুগলৰ পৰিসংখ্যা অনুসৰি এই তালিকাত দ্বিতীয় স্থানত আছে কংগ্ৰেছ। ৬ বছৰত গুগলত অনলাইন বিজ্ঞাপনৰ বাবে ৪৫ কোটি টকা ব্যয় কৰিছে কংগ্ৰেছে। তিনি নম্বৰ স্থানত থকা ডি এম কেয়ে এই পৰ্যন্ত ৪২ কোটি অনলাইন বিজ্ঞাপন দিছে। তাৰ পাছত বি আৰ এছ (১২ কোটি টকা), প্ৰশান্ত কিশোৰৰ ইণ্ডিয়ান পলিটিকেল একচন কমিটি (৬.৪ কোটি টকা), ৱাই এছ আৰ কংগ্ৰেছ (৬.৪ কোটি টকা) আৰু তৃণমূল কংগ্ৰেছ (৬.৪ কোটি টকা)।

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ শেষত দেখা গ’ল যে বিজেপিয়ে মেটা আৰু গুগলৰ সৈতে সংযুক্ত অনলাইন বিজ্ঞাপনত ১৪.৭ কোটি টকা ব্যয় কৰিছিল। য’ত কংগ্ৰেছে খৰচ কৰিছিল ১২.৩ কোটি টকা। বিজেপিৰ ৮১ শতাংশ বিজ্ঞাপন গুগলত ৰখাৰ বিপৰীতে কংগ্ৰেছেও গৰিষ্ঠসংখ্যক ক্ষেত্ৰত গুগলক বাছি লৈছিল।ইফালে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে ১৮ এপ্ৰিলৰ পৰা ২৪ এপ্ৰিললৈকে গুগলত সৰ্বাধিক বিজ্ঞাপন দিছে কংগ্ৰেছে। ৭ দিনত কংগ্ৰেছে ৫.৭ কোটি আৰু বিজেপিয়ে ৫.৩ কোটি টকা খৰচ কৰে।