NORTHEAST NOW (Assamese)
Popular Stories

IPL 2024: অপ্ৰতিৰোধ্য নাৰাইন! লক্ষ্ণৌক পৰাজিত কৰি প্লে অফ নিশ্চিত কৰিলে কলকাতা নাইট ৰাইডাৰ্ছে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 6, 2024 7:58 am

হাতত এতিয়াও তিনিখন মেচ বাকী আছে। কিন্তু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে জয়লাভ কৰি প্লে অফৰ টিকট নিশ্চিত কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ আছিল কলকাতা নাইট ৰাইডাৰ্ছ। পৰিকল্পনা অনুসৰি সফলো হ’ল। শুকুৰবাৰে সন্ধিয়া লক্ষ্ণৌত সুনীল নাৰাইনে আকৌ এবাৰ প্ৰমান কৰিলে তেওঁ কেনেকৈ এগৰাকী নিৰ্ভৰযোগ্য বেটাৰ হৈ উছিছে। বিশাল ৰানৰ পাহাৰেৰে ৰাহুল বাহিনীক পৰাস্ত কৰি শ্ৰেয়াছৰ দলটোৱে প্লে অফৰ টিকট কাৰ্যতঃ নিশ্চিত কৰে।

টছত জয়ী হৈ ৰাহুলে কলকাতাক বেটিং কৰিবলৈ প্ৰেৰণ কৰে। এই গুৰুত্বপূৰ্ণ মেচখনলৈ যোৱাৰ পূৰ্বে অধিনায়ক শ্ৰেয়াছ আয়াৰে দলটোত পৰিৱৰ্তন আনিছিল। বিশ্ৰামৰ পৰা উভতি অহাৰ পিছত হৰ্ষিত ৰাণাক প্ৰথম একাদশত স্থান দিয়া হয়। যিয়ে কলকাতাৰ জয়ৰ অন্যতম মূল কাণ্ডাৰী হৈ পৰিল।

কেকেআৰৰ দুই অ’পেনাৰ বেটিং কৰিবলৈ নামি দুৰ্দান্ত আৰম্ভণি কৰে। ফিল ছল্টে সেই চিনাকি আক্ৰমণাত্মক ভংগী ধৰি ৰাখিলে। ১৪টা বলত ৩২ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহিল। অৱশ্যে বাকী সকলোৰে ওপৰত লাইমলাইট দখল কৰিলে সুনীল নাৰাইনে। তেওঁ ৩৯টা বলত ৮১ ৰানৰ বিস্ফোৰক ইনিংছ খেলে। তেওঁৰ ইনিংছত ৬টা বাউণ্ডেৰী আৰু ৭টা অভাৰ বাউণ্ডেৰী আছিল। নাৰাইনৰ ধুমুহাতে বিধ্ৱস্ত হৈ পৰিল লক্ষ্ণৌ।

ইয়াৰ পিছত অংগকৃষ ৰঘুবংশীয়েও স্ক’ৰব’ৰ্ডত ৩২ ৰান সংযোজন কৰে। কিন্তু ৰিংকুৱে ১৬ ৰান সংগ্ৰহ কৰি উভতি আহে। শ্ৰেয়াছৰ ২৩ ৰান আৰু ৰমনদীপ সিঙৰ অপৰাজিত ২৫ ৰানৰ ফলত কেকেআৰে লক্ষ্ণৌৰ বাবে এটা ডাঙৰ লক্ষ্য নিৰ্ধাৰণ কৰে। লক্ষ্ণৌৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আই পি এলত যিকোনো দলৰ এই ৰান সৰ্বাধিক ৰান।

সুনীল নাৰাইনে বেটেৰে লক্ষ্ণৌৰ বলাৰসকলক স্তব্ধ কৰি পেলোৱাৰ পিছত হৰ্ষিত ৰাণা আৰু বৰুণ চক্ৰৱৰ্তীয়ে বলেৰে এল এছ জিৰ বেটিং অৰ্ডাৰ ভাঙি পেলায়। ঘৰুৱা দলটোৰ হৈ মাৰ্কাছ ষ্ট’ইনিছে সৰ্বাধিক ৩৬ ৰান কৰে। ২১ ৰানত আউট হয় ৰাহুল। বাকীবোৰে কলকাতাৰ পেচ আৰু স্পীনৰ আগত ক্ৰীজত টিকি থাকিব নোৱাৰিলে। ফলত তেওঁলোকৰ ইনিংছ ১৬.১ অভাৰত ১৩৭ ৰানতে সামৰণি পৰে।

শ্ৰেয়াছ বাহিনীয়ে ৯৮ ৰানত জয়লাভ কৰি লীগ টেবুলৰ শীৰ্ষস্থান দখল কৰে। তাৰ লগে লগে প্লে অফত খেলাৰ বাবে আৰু কোনো চিন্তা বাকী নাথাকিল। ৱানখেড়েত ১২ বছৰ বিৰতিত মুম্বাইক পৰাস্ত কৰাৰ পিছত তিনিখন মেচ বাকী থকা অৱস্থাত প্লে অফৰ টিকট কাৰ্যতঃ নিশ্চিত কলকাতাৰ।

সংক্ষিপ্ত স্কোৰঃ

কলকাতা নাইট ৰাইডাৰ্ছ: ২৩৫/৬ (ছল্ট-৩২, নাৰাইনে-৮১, ৰঘুবংশী-৩২, নবীন-৪৯/৩)

লক্ষ্ণৌ ছুপাৰ জায়েন্টছ: ১৩৭/১০ (ষ্টয়নিছ-৩৬, হৰ্ষিত-২৪/৩, বৰুণ- ৩০/৩)

কলকাতা নাইট ৰাইডাৰ্ছে ৯৮ ৰানত জয়লাভ কৰে।