NORTHEAST NOW (Assamese)
Popular Stories

হ’ব পাৰে কেঞ্চাৰ! কেইবাখনো ৰাজ্যত নিষিদ্ধ কৰা হৈছে কটন কেণ্ডি

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী May 11, 2024 11:28 am

ইংৰাজীত ইয়াৰ নাম কটন কেণ্ডি। বিভিন্ন ভাষাত বিভিন্ন স্থানীয় নামেৰে জনা যায় এইবিধ মিঠাইক। শিশু সকলকে ধৰি প্ৰাপ্তবয়স্ক সকলোৱেও এই মিঠাই খাই ভাল পায়।

কিন্তু এইবিধ প্ৰিয় মিঠায়ে মাতি আনিব পাৰে ভয়ংকৰ বিপদ। কটন কেণ্ডি খালে হ’ব পাৰে কৰ্কট ৰোগ।

শেহতীয়াকৈ একাধিক পৰীক্ষাৰ অন্তত তামিলনাডুৰ চৰকাৰে এই মিঠাই নিষিদ্ধ কৰিছে।

ইয়াৰ পূৰ্বে পুডুচাৰীতো এই খাদ্য নিষিদ্ধ কৰা হৈছিল।

জানিব পৰা মতে কটন কেণ্ডিৰ গোলাপী ৰঙত কেন্সাৰ সৃষ্টিকাৰী উপাদান থাকে। প্ৰতিবেদন অনুসৰি এই মিঠাইত ৰোডামাইন-বি নামৰ ৰাসায়নিক পদাৰ্থ মিহলি কৰা হয়। যাৰ পৰা কৰ্কট ৰোগে শৰীৰত বাহ সাজে।

এই প্ৰতিবেদনৰ কিছু সময়ৰ পিছতে তামিলনাডুৰ স্বাস্থ্যমন্ত্ৰী সুব্ৰহমান্যনে এই মিঠাই বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে। ৰাজ্যখনৰ যিকোনো ঠাইত এই মিঠাই তৈয়াৰ বা বিক্ৰী হ’লে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনোৱা হৈছে।