NORTHEAST NOW (Assamese)
অসম

জি টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ইণ্ডিয়াজ বেষ্ট ড্ৰামেবাজত নলবাৰীৰ চাৰিগৰাকী শিশু শিল্পী

Posted by: এন ই নাও নিউজ May 18, 2018 8:38 am
502216_1524564427

ৰাষ্ট্ৰীয় টেলিভিশ্যন জি টিভিয়ে আয়োজন কৰি অহা জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ইণ্ডিয়াজ বেষ্ট ড্ৰামেবাজত অংশ লোৱাৰ উদ্দেশ্যে এগৰাকী নহয় নলবাৰীৰ চাৰিগৰাকীকৈ প্ৰতিভাৱান শিশু প্ৰতিযোগী বৃহস্পতিবাৰে ৰাওনা হৈছে মুম্বাইলৈ।

ইতিমধ্যে ইণ্ডিয়াজ বেষ্ট ড্ৰামেবাজ চিজন ২ৰ জৰিয়তে নিজৰ প্ৰতিভাৰ উমান দি থোৱা নলবাৰীৰ শিশু শিল্পী তমান্না দীপকৰ পাছত পুনৰ জিলাখনৰ চাৰিগৰাকী শিশু শিল্পীয়ে এইদৰে ৰাষ্ট্ৰীয় টেলিভিশ্যনৰ মঞ্চত অংশ লোৱাৰ সুযোগ লাভ কৰাত স্বাভাৱিকতে জিলাখনলৈ সুনাম তথা গৌৰৱ কঢ়িয়াই আনিছে।

নলবাৰীৰ পানীগাঁৱৰ সমন্বয় নাট্য বিদ্যালয়ৰ ছাত্ৰ হৰ্ষদ কাশ্যপৰ উপৰি ছাত্ৰী কুৱলী মুন্না কাশ্যপ, শুভাংগী মনজিৎ আৰু যুক্তা বৰ্মনে ১৯ মে’ৰ পৰা মুম্বাইত অনুষ্ঠিত হ’বলগীয় মেগা অডিশ্যনত ভাগ ল’ব।

উল্লেখযোগ্য যে চাৰিওগৰাকী শিশু শিল্পীয়ে ইতিমধ্যে উত্তৰ-পূৰ্বাঞ্চল অডিশ্যন আৰু কলকাতা অডিশ্যনত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছত মুম্বাইৰ মেগা অডিশ্যনলৈ নিৰ্বাচিত হৈছে।

ইফালে চাৰিগৰাকী প্ৰতিভাৱান শিল্পীৰ এনে সাফল্যত জিলাখনৰ বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ৰাষ্ট্ৰীয় স্তৰত জিলিকি উঠাৰ কামনা কৰে।