NORTHEAST NOW (Assamese)
দেশ

ছুপ্ৰীম কোৰ্ট বাৰ এছ’চিয়েছনৰ সভাপতি পদত জয়ী বৰ্ষীয়ান আইনজীৱী কপিল ছিবাল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 17, 2024 8:06 am

উচ্চতম ন্যায়ালয়ৰ অধিবক্তা সন্থাৰ সভাপতি পদত জয়লাভ কৰিছে জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে।হাৰ্ভাৰ্ড ল স্কুলৰ স্নাতক ছিবালে ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যনৰ সভাপতি হিচাপে তিনিটা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছে। ১৯৯৫ চনৰ পৰা ২০০২ চনলৈকে তেওঁ অবিৰতভাৱে এই পদত অধিষ্ঠিত আছিল।

ইয়াৰ পূৰ্বে কপিল চিবাল ১৯৮৯-৯০ চনত ভাৰতৰ অতিৰিক্ত চলিচিটৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

আদালতৰ সূত্ৰ অনুসৰি এছ চি বি এৰ বৰ্তমানৰ সভাপতি ছিবালৰ উপৰিও জ্যেষ্ঠ অধিবক্তা আদি আগৰৱালা আৰু জ্যেষ্ঠ অধিবক্তা প্ৰদীপ ৰায়, জ্যেষ্ঠ অধিবক্তা প্ৰিয়া হিংগোৰানীও সভাপতি পদৰ বাবে যুঁজত নামিছিল।মুঠ ২৪০০ ভোটাৰ আছিল। ৯ মে’ আছিল মনোনয়ন দাখিলৰ অন্তিম দিন। ১২ মে’ত প্ৰকাশ পাইছিল চূড়ান্ত তালিকা।

প্ৰসংগক্ৰমে শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে এছ চি বি এ নিৰ্বাচনত মহিলাৰ বাবে ন্যূনতম এক তৃতীয়াংশ সংৰক্ষণ কাৰ্যকৰী কৰাৰ নিৰ্দেশ দিছিল।আৰু এইবাৰ এই নিয়ম কাৰ্যকৰী কৰা হ’ল।