NORTHEAST NOW (Assamese)
অসম

ভাৰতলৈ আহি সন্ধানহীন বাংলাদেশৰ সাংসদ; বিচাৰি ভাৰতত উপস্থিত পৰিয়ালৰ সদস্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 20, 2024 2:07 pm

চিকিৎসাৰ বাবে ভাৰতলৈ আহি সন্ধানহীন হৈ পৰিছে বাংলাদেশৰ ঝিনাইদহ-৪ সমষ্টিৰ আৱামী লীগৰ সংসদ সদস্য আনোৱাৰুল আজিম আনাৰ। বিগত কেইদিনমান ধৰি তেওঁৰ সৈতে যোগাযোগ কৰাত ব্যৰ্থ হোৱাত উদ্বিগ্ন হৈ পৰিছে পৰিয়ালৰ লোক।

শনিবাৰে সাংসদ আনোৱাৰুল আজিম আনাৰক বিচাৰি ভাৰতলৈ আহিছে তেওঁৰ ভতিজাক ছাইমনকে ধৰি আন তিনিজন লোক। কিন্তু এতিয়ালৈকে তেওঁলোকে একো সন্ধান পোৱা নাই। ভাৰতীয় কৰ্তৃপক্ষই তেওঁৰ সন্ধান উলিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে।

এই সন্দৰ্ভত সাংসদগৰাকীৰ ব্যক্তিগত সহায়ক আব্দুৰ ৰৌফে কয়, “যোৱা ১২ মে’ত ঝিনাইদহৰ কালিগঞ্জৰ পৰা চুৱাডাংগাৰ দৰ্শনা সীমান্তৰ মাজেৰে চিকিৎসাৰ বাবে ভাৰতলৈ আহিছিল আনাৰ। পশ্চিম বংগৰ নিউ টাউন অঞ্চলৰ বন্ধু গোপালৰ ঘৰত থাকে। ১৩ মে’ত সংসদগৰাকীয়ে হোৱাটছএপযোগে পৰিয়ালৰ লোকৰ সৈতে কথা পাতিছিল। পিছদিনা ১৪ মে’ত এবাৰ কথা পতাৰ পিছত পৰিয়ালৰ লোক আৰু ৰাজনৈতিক নেতাসকলে তেওঁৰ মোবাইল ফোন আৰু হোৱাটছএপত যোগাযোগ কৰিব পৰা নাই।‘’

আব্দুৰ ৰৌফে লগতে কয় যে আনোৱাৰুল আজিম আনাৰ নিৰুদ্দেশৰ বিষয়ে পৰিয়ালৰ লোকে প্ৰধানমন্ত্ৰীক অৱগত কৰিছে। নিৰুদ্দেশৰ বিষয়টো ইতিমধ্যে বিভিন্ন চোৰাংচোৱা বিভাগে চোৱাচিতা কৰিবলৈ আৰম্ভ কৰিছে।

নিৰ্বাচনৰ সময়ছোৱাত ৰাজ্য আৰক্ষী ব্যস্ত যদিও ভাৰতত বাংলাদেশী সাংসদৰ নিৰুদ্দেশ হোৱাৰ ঘটনাই ভাৰতৰ গৃহ মন্ত্ৰালয়ক জোকাৰি গৈছে। ইতিমধ্যে কেন্দ্ৰীয় চোৰাংচোৱাসংস্থাৰ বিষয়াসকল অভিযানত নামিছে। সূত্ৰ অনুসৰি নিৰুদ্দেশ হোৱা বাংলাদেশী সাংসদগৰাকীৰ সন্ধান উলিয়াই সুস্থ শৰীৰে দেশলৈ ঘূৰাই পঠিয়াবলৈ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে নিৰ্দেশ দিছে।