NORTHEAST NOW (Assamese)
দেশ

সৰু পুত্ৰৰ প্ৰি-ৱেডিঙক লৈ আম্বানী পৰিয়ালত হৰ্ষোল্লাস! বিদেশত হ’বলগীয়া অনুষ্ঠানত গোপনীয়তাৰ স্বাৰ্থত নিষিদ্ধ মোবাইল ফোন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 23, 2024 6:40 pm

মুকেশ-নীতা আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টৰ দ্বিতীয়টো প্ৰি-ৱেডিং উদযাপনৰ কাউণ্টডাউন আৰম্ভ হৈছে। এই উৎসৱত আচলতে অনন্ত আম্বানী আৰু ৰাধিকাৰ বিয়াৰ কাউণ্টডাউন আৰম্ভ হয়। যিটো ২৮ মে’ৰ পৰা আৰম্ভ হ’ব আৰু ৩০ মে’লৈকে চলিব। বিলাসী ক্ৰুজত আয়োজন কৰা হ’ব এই মহোৎসৱ। ইটালীৰ পৰা আৰম্ভ কৰি দক্ষিণ ফ্ৰান্সত শেষ হ’ব।

জুলাই মাহত লণ্ডনত অনুষ্ঠিত হ’ব মূল বিবাহ অনুষ্ঠান। ইয়াৰ পূৰ্বে গুজৰাটৰ জামনগৰত প্ৰথমটো প্ৰি-ৱেডিং ফেষ্টিভেল অনুষ্ঠিত হৈছিল। য’ত দেশ-বিদেশৰ বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

ক্ৰুজ পাৰ্টিৰ গোপনীয়তা বজাই ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। গতিকে মোবাইল ফোন লৈ অতিথিৰ প্ৰৱেশ নিষিদ্ধ। এই গোপনীয়তাৰ কাৰণ হৈছে বিশেষ অতিথি আৰু এংগেজড দম্পতীৰ কোনো অন্তৰংগ ফটো যাতে ফাদিল নহয়। দেশ-বিদেশৰ প্ৰায় ৮০০ অতিথিক অনুষ্ঠানটোলৈ নিমন্ত্ৰণ কৰা হ’ব। জামনগৰত অনুষ্ঠিত অনুষ্ঠানত প্ৰায় ১২০০ বিশিষ্ট আমন্ত্ৰিত উপস্থিত আছিল। খবৰ অনুসৰি ৮০০ অতিথিৰ যত্ন ল’বলৈ ৬০০ শ্ৰমিক নিয়োগ কৰা হৈছে। এই ক্ৰুজে জলপথেৰে প্ৰায় ৪৩৮০ কিলোমিটাৰ যাত্ৰা কৰিব।

অতিথিসকলৰ ভিতৰত থাকিব শ্বাহৰুখ খান, ছলমান খান, আমিৰ খান, ৰণবীৰ কাপুৰ, আলিয়া ভাটকে ধৰি মুম্বাইৰ শীৰ্ষ অভিনেতা-অভিনেত্ৰী। লগতে বহু বিদেশী অতিথিক নিমন্ত্ৰণ কৰা হৈছে।