NORTHEAST NOW (Assamese)
Popular Stories

‘মই যেতিয়া তাইৰ মাক-দেউতাকৰ ওচৰলৈ গৈ ক’লোঁ…’ নিজৰ ব্যৰ্থ প্ৰেমৰ কাহিনী শুনালে মুখ্যমন্ত্ৰীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 26, 2024 8:57 am

সকলো উত্তপ্ত ৰাজনৈতিক বাক-বিতণ্ডা দূৰত ৰাখি, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী তথা প্ৰবীণ কংগ্ৰেছ নেতা সিদ্দাৰমাইয়াই বৃহস্পতিবাৰে সন্ধিয়া মাইচুৰুত কিছু সময়ৰ বাবে নিজৰ পুৰণি প্ৰেম কাহিনীত ডুব যায়। তেওঁ বৰ নষ্টালজিক হৈ পৰে। মহানগৰীৰ এক ৰাজহুৱা অনুষ্ঠানত সিদ্দাৰমাইয়াই তেওঁৰ প্ৰেম কাহিনী শ্বেয়াৰ কৰে। যৌৱনৰ দিনবোৰ আৰু প্ৰেম কাহিনীৰ কথা কয়। কিন্তু সেই প্ৰেম শেষত সফল নহ’ল।

আন্তঃবৰ্ণ (ইন্টাৰ কাষ্ট) বিবাহৰ সংস্কৃতিৰ কথা কবলৈ গৈ মুখ্যমন্ত্রী সিদ্ধাৰমাইয়াই কয়, ‘মই যেতিয়া মোৰ কলেজত আইন অধ্যয়ন কৰি আছিলো তেতিয়া মই এজনী ছোৱালীক ভাল পাইছিলোঁ৷ লগে লগে তাইৰ প্ৰেমত পৰিলোঁ। মোক ভুল নাভাবিব কাৰণ মোৰ উদ্দেশ্য বিশুদ্ধ আছিল আৰু মই তাইক বিয়া কৰাব বিচাৰিছিলো।‘

লগতে পঢ়কঃ নিয়তিৰ কৰুণ পৰিহাস! দিল্লীৰ শিশু চিকিৎসালয়ত অগ্নিকাণ্ড;৭জন নৱজাতকে সাৱটিলে মৃত্যুক

তেওঁ লগতে কয় যে সেইটো তেওঁৰ বাবে সফল প্ৰেম কাহিনী নাছিল। “যেতিয়া মই প্ৰস্তাৱটো লৈ গৈছিলো, তেতিয়া ছোৱালীজনীৰ পৰিয়ালে মান্তি হোৱা নাছিল কাৰণ মই বেলেগ বৰ্ণৰ। সেয় মই বিমুখ হৈ মোৰ বৰ্ণৰে ছোৱালী এজনীক বিয়া কৰাব লগা হ’ল। মোৰ বিবাহটো আন্তঃবৰ্ণ বিবাহ নাছিল, আৰু সেইটো মোৰ বৰ্ণৰ ভিতৰতে ঘটিছিল।” এইদৰেই দুবাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ব্যৰ্থ প্ৰেমৰ কাহিনী কয়।

সিদ্দাৰমাইয়াই যুৱক-যুৱতীসকলক আন্তঃবৰ্ণ বিবাহ আগুৱাই নিবলৈ উৎসাহিত কৰে। “সমাজত জাতিগত বৈষম্য দূৰ কৰাৰ দুটা উপায় আছে। প্ৰথমটো হৈছে আন্তঃবৰ্ণ বিবাহ আৰু দ্বিতীয়টো হৈছে সকলো সম্প্ৰদায়ৰ মাজত আৰ্থ-সামাজিক সবলীকৰণ। আৰ্থ-সামাজিক বিকাশ অবিহনে সমাজত সামাজিক সমতা সম্ভৱ নহয়।”

লগতে পঢ়কঃ গুজৰাটৰ ৰাজকোটত বিধ্বংসী অগ্নিকাণ্ড; গেমিং জ’নত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু কমেও ২৭ জনৰ

তেওঁ দৰাচলতে নিজৰ জীৱনৰ ব্যৰ্থ প্ৰেম কাহিনীটো মনত পেলাই দিলে। কিছু পৰিমাণে তেওঁ আবেগ বিহ্বল হৈ পৰিছিল।