NORTHEAST NOW (Assamese)
Popular Stories

আজি IPLৰ সামৰণি; ‘ইমাজিন ড্ৰেগনছে’ পৰিবেশন কৰিব সংগীতানুষ্ঠান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 26, 2024 9:01 am

আজি কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত ‘২৪ সংস্কৰণৰ আইপিএলৰ ফাইনেল অনুষ্ঠিত হ’ব। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই খেলখন। খেলখনৰ পূৰ্বে সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব, য’ত আমেৰিকাৰ ৰক বেণ্ড ‘ইমাজিন ড্ৰেগনছ’ক পৰিবেশন কৰা দেখা যাব। সামৰণি অনুষ্ঠানত আমেৰিকান বেণ্ডটোৰ উপস্থিতিক লৈ যথেষ্ট উৎসুকতা বাঢ়িছে।

আই পি এলৰ সামৰণি অনুষ্ঠানত তেওঁলোকে অনুষ্ঠান পৰিবেশন কৰিব বুলি ‘ইমাজিন ড্ৰেগনছে’ তথ্য প্ৰদান কৰে। বেণ্ডটোৰ মুখ্য গায়ক ডেন ৰেইনল্ডছে ষ্টাৰ স্প’ৰ্টছৰ এটা ভিডিঅ’ত কৈছিল যে তেওঁ আইপিএল ২০২৪ৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিব। ইয়াৰ উপৰিও তেওঁ বিৰাট কোহলীক ক্ৰিকেটৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তিত্ব বুলিও অভিহিত কৰে।

উল্লেখ্য যে ‘ইমাজিন ড্ৰেগনছ’-এ ইয়াৰ পূৰ্বে ২০২৩ চনত ভাৰত ভ্ৰমণ কৰিছিল, য’ত তেওঁলোকে মুম্বাইৰ সংগীত মহোৎসৱত অনুষ্ঠান পৰিবেশন কৰিছিল। এই বেণ্ডটোৰ আই পি এলৰ সৈতে এক অতি বিশেষ সম্পৰ্ক আছে। ২০০৮ চনত আই পি এলৰ দৰে এই বেণ্ডটোৰ আৰম্ভণি হৈছিল।