NORTHEAST NOW (Assamese)
দেশ

ঈশ্বৰপ্ৰাপ্তি! চাৰধাম যাত্ৰাৰ ১৬ দিনত মৃত্যুক আকোৱালি ল’লে ৫২ গৰাকী তীৰ্থযাত্ৰীয়ে

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী May 26, 2024 4:39 pm

ইজনৰ পিছত সিজনকৈ তীৰ্থযাত্ৰীৰ মৃত্যুৰ খবৰে কঁপাইছে দেশ। চাৰধাম যাত্ৰাৰ ১৬ দিনত মৃত্যু হৈছে ৫২ গৰাকীকৈ তীৰ্থযাত্ৰীৰ।

ইয়াৰে ২৩ জন লোকৰ মৃত্যু হৈছে কেদাৰনাথত।

প্ৰশাসনৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মৃতকসকলৰ ভিতৰত ৪০ জনৰ বয়স ৫০ বছৰৰ ওপৰৰ।

গড়ৱালৰ প্ৰশাসনিক বিষয়া বিনয় শংকৰ পাণ্ডেয়ে জনোৱা মতে, ১৬ দিনত ৫২ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে। খোদ কেদাৰনাথতে ২৩ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও বদ্ৰীনাথত ১৪ জন, যমুনোত্ৰীত ১২ জন আৰু গংগোত্ৰীত ৩ জন লোকৰ মৃত্যু হৈছে।

চৰ্ধামলৈ অহা তীৰ্থযাত্ৰীসকলৰ নিয়মীয়াকৈ পৰীক্ষা কৰা হৈছে বুলিও বিষয়াগৰাকীয়ে অৱগত কৰে। এই যাত্ৰাত স্বাস্থ্য পৰীক্ষাৰ পৰা আৰম্ভ কৰি পঞ্জীয়নলৈকে সকলো পৰীক্ষা কৰাৰ পিছতহে যাত্ৰাৰ অনুমতি প্ৰদান কৰা হয়। স্বাস্থ্য পৰীক্ষাৰ সময়ত কোনো তীৰ্থযাত্ৰীৰ অসুবিধা ধৰা পৰিলে যাত্ৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হয়।

উল্লেখ্য যে যোৱা ১০ মে’ত কেদাৰনাথ, যমুনোত্ৰী আৰু গংগোত্ৰী ধামৰ দুৱাৰ তীৰ্থযাত্ৰীৰ বাবে মুকলি কৰি দিয়া হয়। লগতে ১২ মে’ত মুকলি কৰি দিয়া হয় বদ্ৰীনাথৰ দুৱাৰ। ইয়াৰ পিছতেই দৰ্শকৰ ভিৰ বৃদ্ধি হয় তীৰ্থসমূহত।