NORTHEAST NOW (Assamese)
অসম

ধুমুহাৰ তাণ্ডৱ! অটোৰে কলেজলৈ গৈ থকা অৱস্থাত মৰিগাঁৱত গছ পৰি ছাত্ৰৰ মৰ্মান্তিক মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 28, 2024 12:11 pm

ঘূৰ্ণী বতাহ ৰেমালৰ প্ৰভাৱত ৰাজ্যজুৰি অব্যাহত আছে প্ৰচণ্ড ধুমুহা-বৰষুণ।  সোমবাৰে নিশাৰে পৰা ৰাজ্যখনত বতাহ-বৰষুণৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে। তাৰ মাজতে মৰিগাঁৱত মঙলবাৰে সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।

মৰিগাঁৱত পুৱা কলেজলৈ গৈ থকা অৱস্থাত ধুমুহাৰ ফলত এডাল গছ বাগৰি পৰি এজন ছাত্ৰৰ মৃত্যু ঘটে।

বাতৰি অনুসৰি, ছাত্ৰজন এখন অট’ৰে কলেজলৈ গৈ থকা অৱস্থাত মৰিগাঁৱৰ দীঘলবড়িত পথৰ মাজতে অট’ৰ ওপৰত এডাল গছ বাগৰি পৰাত ছাত্ৰজনৰ থিতাতে মৃত্যু হয়। মৃত ছাত্ৰজন গুৰুকুল মহাবিদ্যালয়ৰ কৌশিক আমফি বুলি চিনাক্ত কৰা হৈছে। মৃত কৌশিক আমফি ধূপগুৰিৰ বাসিন্দা। আনহাতে, অট’খনত থকা ববী পাটৰ নামৰ শিক্ষয়ত্ৰীগৰাকী গুৰুতভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

ইপিনে, প্ৰচণ্ড ধুমুহা-বৰষুণৰ বাবে শিক্ষাৰ্থীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও আৰু নগাঁও জিলাত প্ৰশাসনে সকলো চৰকাৰী তথা ব্যক্তিগত শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে। জিলা দুখনৰ আয়ুক্তই আজি এক নিৰ্দেশনা যোগে শিক্ষানুষ্ঠানসমূহ বন্ধৰ ৰখাৰ কথা ঘোষণা কৰে।

উল্লেখ্য যে, গুৱাহাটী মহানগৰীতো বহু কেইখন বিদ্য়ালয়ৰ কৰ্তৃপক্ষই বিদ্যালয় বন্ধৰ কথা ঘোষণা কৰিছে। গুৱাহাটীৰ অসম জাতীয় বিদ্যালয়, এছেন্ট একাডেমী, ডনবস্কো, হলী চাইল্ড, আনন্দ একেডেমী আৰু কটন কলেজিয়েট স্কুলতো বন্ধ ঘোষণা কৰা হৈছে।