NORTHEAST NOW (Assamese)
Popular Stories

কৰ্মচাৰীয়ে পোৱা নাই দৰমহা! পঞ্চায়ত-গ্ৰামোন্নয়নৰ ১৪কোটি টকাৰে ভিয়েটনামত প্ৰমোদ ভ্ৰমণ তুলিৰাম ৰংহাং আৰু সংগীবৃন্দৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 28, 2024 1:32 pm

এইবাৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাং সহিতে একাংশ৷অল পাৰ্টী হিল্‌ছ কনফাৰেন্স দলৰ নেতা তথা ৬নং ডিফু লোকসভা আসনৰ নিৰ্দলীয় প্ৰাৰ্থী তথা প্ৰাক্তন প্ৰশাসনিক বিষয়া জে আই কাথাৰে কালি এখন সংবাদমেলযোগে বহু কেইটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে৷সংবাদমেলখনত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য,কাৰ্যবাহী সদস্য,এমএচি, আৰু বৰ্ড চেয়াৰমেনসহ বহু নেতাই চৰকাৰী ধনেৰে ভিয়েটনামলৈ প্ৰমোদ বিলাসৰ বাবে যোৱাৰ অভিযোগ তোলে৷

কাথাৰে সংবাদমেলযোগে কয় যে, কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত সৰু সৰু ঠিকাদাৰসকলক পৰিষদে ঠিকাৰ বাবদ ধন আদায় দিব পৰা নাই। তদুপৰি বহু শিক্ষক, বহু বিভাগৰ কৰ্মচাৰীক পৰিষদে দৰমহা এতিয়াও আদায় দিব পৰা নাই। ইয়াৰ লগতে দুয়োখন পার্বত্য জিলাত এতিয়া দৰিদ্ৰ লোকৰ সংখ্যা বৃদ্ধি পাইছে, খাবলৈ চাউল আৰু থাকিবলৈ বাসস্থানৰ অভাৱত ভুগিছে ৰাইজ। এনে সময়ত চৰকাৰৰ ১৪ কোটি টকাৰে বিলাস ভ্ৰমণ কৰাটোত আমি তীব্র বিৰোধিতা কৰিছোঁ। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ ১৪ কোটি টকা উলিয়াই কৰি পৰিষদৰ নেতৃত্ব ভিয়েটনামলৈ প্রমোদ ভ্রমণলৈ গৈছে। তেওঁলোকৰ ব্যক্তিগত ভাৱেও বহু ধন থকা বুলি উল্লেখ কৰি ব্যক্তিগত ধনেৰে বিদেশ ভ্রমণলৈ গ’লে আমাৰ ক’ব লগীয়া একো নাছিল বুলি কাথাৰে সংবাদমেলত উল্লেখ কৰে।

মুঠ ৩০ গৰাকী ব্যক্তি ভিয়েটনামলৈ যাবলৈ ১৪ কোটি টকাৰ প্ৰয়োজন সন্দর্ভতো প্রশ্ন উত্থাপন কৰে প্ৰাক্তন IAS বিষয়াজনে৷ কিছুদিন পূর্বে ধুমুহা-বৰষুণত দুয়োখন জিলাৰ বহু দৰিদ্ৰ লোকৰ বাসগৃহ ধ্বংস হোৱাৰ কথা উল্লেখ কৰি এনে লোকৰ খবৰ ল’বলৈ পৰিষদৰ আহৰি নহ’ল বুলিও কাথাৰে পৰিষদক তীব্ৰ সমালোচনা কৰে। কাথাৰে দেশত নির্বাচনী আচৰণ বিধি চলি থকা অৱস্থাত তেওঁলোক কেনেকৈ বিদেশ ভ্রমণলৈ গ’ল বুলিও প্রশ্ন উত্থাপন কৰি কাথাৰে এই সন্দৰ্ভত দেশৰ মুখ্য নির্বাচন আয়ুক্তলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰা বুলি সংবাদমেলত উল্লেখ কৰে।