NORTHEAST NOW (Assamese)
অসম

পুৰীৰ জগন্নাথৰ চন্দন যাত্ৰাত ভয়ংকৰ দুৰ্ঘটনা; ফটকা বিস্ফোৰণত অগ্নিদগ্ধ কমেও ২৫জন ভক্ত, এজনৰ মৃত্যু

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী May 30, 2024 11:21 am

পুৰীত জগন্নাথ প্ৰভুৰ চন্দন যাত্ৰাত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। ফটকা বিস্ফোৰণৰ ফলত বহু ভক্ত অগ্নিদগ্ধ হৈছে। এই ঘটনাত কমেও ২৫জন লোক আহত হৈছে। তাৰে এজনৰ মৃত্যু ঘটে। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

এই ঘটনাক লৈ ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক আৰু কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে গভীৰ শোক প্ৰকাশ কৰিছে। আহতসকলক তাৎক্ষণিক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়াৰ উপৰিও মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে অৱগত কৰে যে আহতসকলৰ চিকিৎসাৰ খৰচ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আদায় দিয়া হ’ব।

জানিব পৰা মতে, বুধবাৰে নিশা ওড়িশাৰ পুৰীত জগন্নাথ প্ৰভুৰ চন্দন যাত্ৰা উপলক্ষে বৃহৎ সংখ্যক ভক্তৰ সমাগম ঘটিছিল। প্ৰত্যক্ষদৰ্শীয়ে জনায় যে একাংশ ভক্তই ফটকা ফুটাইছিল। হঠাৎ ফটকাৰ ফিৰিঙতি আহি পৰিল ফটকাৰ স্তূপৰ ওপৰত। তাৰ পিছত এটাৰ পিছত আনটো বিস্ফোৰণ আৰম্ভ হয় ।

বহু লোকে নিজৰ প্ৰাণ ৰক্ষাৰ বাবে ওচৰৰ পুখুৰীত জপিয়াই পৰে। স্থানীয় লোকে উদ্ধাৰৰ কাম আৰম্ভ কৰে। আহতসকলক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়।

চিকিৎসকে জনোৱা মতে, এই অগ্নিকাণ্ডত ১৫জন লোক গুৰুতৰভাৱে আহত হয়। ইয়াৰে ৪ জনৰ অৱস্থা সংকটজনক। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱা চাৰিগৰাকী মহিলা ভক্তৰ ভিতৰত এগৰাকীৰ মৃত্যু হয়।