NORTHEAST NOW (Assamese)
Popular Stories

ভয়ংকৰ কাণ্ড! ৰাতিৰ আহাৰ পৰিবেশন নকৰাৰ বাবে পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 30, 2024 8:14 pm

কৰ্ণাটকত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড৷ বৃহস্পতিবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি কৰ্ণাটকৰ টুমকুৰত এজন লোকক পত্নীক ৰাতিৰ আহাৰ নিদিয়াৰ বাবে হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হয়। অভিযুক্তই পত্নীক হত্যা কৰি শিৰচ্ছেদ কৰাৰ পাছত শৰীৰৰ ছাল কাটি পেলায়।

মানুহজনৰ ঘৰৰ দৃশ্যাংশত মহিলাগৰাকীৰ মৃতদেহ তেজৰ ডোঙাত পৰি থকা দেখা গৈছে। স্বামীয়ে ছালখন কাটি পেলোৱাৰ বাবে মহিলাগৰাকীৰ শিৰা সুস্পষ্টকৈ জিলিকি উঠিছে৷আৰক্ষীৰ মতে, সোমবাৰে নিশা কুনিগাল তালুকৰ হুলিয়ুৰুদুৰ্গা চহৰত সংঘটিত হয় এই ঘটনা।

এটা কাঠৰ মিলত কাম কৰা অভিযুক্ত শিৱৰামৰ পত্নী পুষ্পলতা (৩৫)ৰ সৈতে নিয়মীয়াকৈ কাজিয়া হৈছিল।সোমবাৰে নিশা পুষ্পলতাই স্বামীক ৰাতিৰ আহাৰ নিদিয়াৰ বাবে দম্পতীহালৰ মাজত কাজিয়া হয়। ইয়াৰ পাছতে শিৱৰামৰ কৰ্মসংস্থাপনক লৈ কাজিয়া হোৱাত কাজিয়া তীব্ৰতৰ হৈ পৰে।ক্ষুব্ধ হৈ শিৱৰামে পুষ্পালতাক ছুৰীৰে আঘাত কৰে আৰু তাৰ পাছত হত্যা কৰি শিৰচ্ছেদ কৰে। মঙলবাৰে পুৱাপৰ্যন্ত মহিলাগৰাকীৰ শৰীৰৰ ছাল কাটে আৰু পুৱা ঘৰৰ মালিকক নিজৰ অপৰাধৰ বিষয়ে অৱগত কৰে।

এই ভয়ংকৰ কাণ্ডৰ সময়ত দম্পতীহালৰ আঠ বছৰীয়া পুত্ৰ শুই আছিল।