NORTHEAST NOW (Assamese)
Popular Stories

কিমাশ্চৰ্যম! ১৮ লাখ টকাৰ কৰফাঁকি দি আয়কৰ বিভাগৰ জালত লুচি-ভাজি বিক্ৰেতা

Posted by: নৰ্থ ইষ্ট নাও অসমীয়া Updated by: নৰ্থ ইষ্ট নাও অসমীয়া June 1, 2024 3:04 pm

তথ্য প্ৰযুক্তিৰ বিকাশৰ বাবে আয়কৰ ফাঁকি এতিয়া এক কঠিন কাম। কম্পিউটাৰ চফটৱেৰ ব্যৱহাৰ কৰি আয়কৰৰ হিচাপ কৰা প্ৰক্ৰিয়া আৰম্ভ হোৱা বহুদিন হ’ল। কিন্তু দিল্লীৰ সমীপৱৰ্তী উত্তৰ প্ৰদেশৰ গাজিয়াবাদত এজন পুৰী বিক্ৰেতাই কৰ কেনেকৈ ফাঁকি দিলে সেই বিষয়ে জানিব পাৰি বহুজন আচৰিত হৈ পৰিছে।

শুকুৰবাৰে আয়কৰ বিভাগে ছিয়নজি পুৰীৱালা গাজিয়াবাদৰ মালিকক ১৭ লাখ ৮০ হাজাৰ টকাৰ আয়কৰ জাননী জাৰি কৰে।ব্যক্তিজনক নিৰ্দিষ্ট সময়ৰ ভিতৰত আয়কৰৰ বাবে সেই ধন জমা দিবলৈ কোৱা হৈছে।

জানিব পৰা মতে, জি এছ টি বিভাগে আয়কৰ বিভাগক জনাইছে যে পুৰী বিক্ৰেতাজনে বিপুল পৰিমাণৰ আয়কৰ ফাঁকি দিছে।

সূত্ৰ অনুসৰি জি এছ টি বিভাগে পুৰী বিক্ৰেতাজনৰ ওপৰত চকু ৰাখিছিল। বিক্ৰেতাজনে জি এছ টি ফাঁকি থকা বুলি বিভাগটোৱে সন্দেহ প্ৰকাশ কৰে। ইয়াৰ পাছতে বিভাগটোৱে দোকানৰ ওচৰতে এআই চালিত সৰু সৰু ৰবট ৰাখে। এই ৰবটে জি এছ টিৰ আঞ্চলিক মুখ্য কাৰ্যালয়লৈ দৈনিক বিক্ৰীৰ তথ্য প্ৰেৰণ কৰে। যাৰ বিশ্লেষণ কৰিলে ষ্ট’ৰৰ বিক্ৰীৰ পৰিসংখ্যাৰ ধাৰণা পোৱা যায়, যিটো ব্যৱসায়ীয়ে প্ৰদান কৰা তথ্যৰ সৈতে অসঙ্গতিপূৰ্ণ।জি এছ টি কৰ্তৃপক্ষই সেই তথ্য আয়কৰ বিভাগকো দিয়ে। আয়কৰ বিভাগে তথ্য বিশ্লেষণ কৰি জানিব পাৰিছে যে ব্যৱসায়ীজনে বিগত কেইবছৰমানৰ পৰা প্ৰায় ১৮ লাখ টকাৰ কৰ ফাঁকি দিছে।