NORTHEAST NOW (Assamese)
Popular Stories

বলীউড তাৰকা ৰবীনা টেণ্ডনক শাৰীৰিক হাৰাশাস্তি; সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 2, 2024 1:21 pm

ছচিয়েল মিডিয়াত ভাইৰেল হৈছে অভিনেত্ৰী ৰবীনা টেণ্ডনৰ এটা ভাইৰেল ভিডিঅ’। এই ভিডিঅ’টো এক্স (টুইটাৰ)ত এজন ব্যৱহাৰকাৰীয়ে পোষ্ট কৰিছে। এই ভিডিঅ’টোত দেখা গৈছে যে কেনেদৰে একাংশ লোকে ৰবীনাৰ লগত শাৰীৰিকভাৱে দুৰ্ব্যৱহাৰ কৰিছে। ইয়াৰ সমান্তৰালকৈ আক্ৰমণকাৰীসকলে অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকৰ পৰিয়ালক ৰবীনাৰ চালকে আক্ৰমণ কৰিছিল। কিন্তু আৰক্ষীৰ মতে এই সকলোবোৰ অভিযোগ ভিত্তিহীন আৰু কোনো পক্ষৰ পৰা কোনো অভিযোগ দাখিল কৰা হোৱা নাই।

मुझे धक्का मत दो...', Raveena Tandon को भीड़ ने घेरा, ड्राइवर पर महिला से मारपीट का आरोप

তথ্য প্ৰদান কৰোঁতে ডিচিপি ৰাজতিলকে কয়, ‘বিবাহ অনুষ্ঠানৰ অন্তত এগৰাকী বৃদ্ধা মহিলা ঘৰৰ ফালে গৈ আছিল। একে সময়তে ৰবীনা টেণ্ডনে বহি থকা গাড়ীখনৰ চালকজনে গাড়ীখন পিছলৈ লৈ গৈ আছিল আৰু এনে পৰিস্থিতিত চালকৰ ভুলৰ বাবেই মহিলাগৰাকীয়ে গাড়ীখনৰ লগত খুন্দা মাৰে। এই ঘটনাৰ পাছত বৃদ্ধাগৰাকীয়ে খঙত ৰবীনা টেণ্ডনৰ ড্ৰাইভাৰক সুধিলে যে তেওঁ গাড়ীখন তেওঁৰ ওপৰেৰে চলাব নেকি?’

Raveena Tandon viral video allegedly attacked driver is accused of assaulting an woman police station baseless allegation 'मुझे धक्का मत दो...', Raveena Tandon को भीड़ ने घेरा, ड्राइवर पर महिला से मारपीट का आरोप

ইয়াৰ পাছতে বৃদ্ধাগৰাকী আৰু ৰবীনাৰ চালকৰ মাজত তীব্ৰ কাজিয়া আৰম্ভ হয়। ইয়াৰ পাছত দুয়োপক্ষই এজাহাৰ দাখিল কৰিবলৈ ওচৰৰ খাৰ থানালৈ যায়। থানাত উপস্থিত হোৱাৰ পাছত দুয়োপক্ষই এজাহাৰ দাখিল নকৰাৰ সিদ্ধান্ত লৈ নিজ নিজ ঘৰলৈ যায়।

আৰক্ষীৰ তদন্তত এই দাবী মিছা বুলি ধৰা পৰে। এই সন্দৰ্ভত দুয়োপক্ষই থানাত উপস্থিত হয় যদিও কোনো অভিযোগ দাখিল কৰা হোৱা নাই। এতিয়া এই বিষয়ত সমগ্ৰ বিষয়টোৰ চিচিটিভি ভিডিঅ’ ফুটেজ প্ৰকাশ কৰিছে ৰবীনা টেণ্ডনে।